ৰাজ্যত ইন্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধি; চৰকাৰক তীব্ৰ সমালোচনা অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদিপ ফকুনৰ

index

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো নৰ সংহাৰ চলাই আছে  ক’ৰ’না ভাইৰাছে।

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত নৰেন্দ্ৰ মোডীয়ে ৩ মে পৰ্যন্ত লকডাউন ঘোষনা কৰিছে৷ তেনে সময়তে অসমত চৰকাৰে বৃদ্ধি কৰিছে ইন্ধনজাত সামগ্ৰীৰ দাম।

এই লকডাউনৰ সময়ত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ চৰকাৰক সমালোচনা কৰিছে অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ ফুকনে৷

ফুকনে চৰকাৰক প্ৰশ্ন কৰি কয় “ডেৰমাহ লকডাউন চলি থকাৰ ফলত চৰকাৰে ৰাজহ পোৱা নাই গতিকে চৰকাৰ খন ইমান দেউলীয়া হ’ল নে।”

পেট্ৰল আৰু ডিজেলত প্ৰতি লিটাৰত ৫ টকাকৈ বৃদ্ধি কৰা হৈছে৷ চৰকাৰখনে ৰাজহ সংগ্ৰহৰ নামত  ৫ টকাকৈ মুল্য বৃদ্ধি কৰি আৰ্থিক সংকটত পৰা ৰাইজৰ ওপৰত মাধমাৰ সুধোৱা এই সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ ফুকনে অনুৰোধ জনাইছে চৰকাৰক৷

অপ্ৰয়োজনীয় বিভিন্ন উৎসৱ মহোৎসৱৰ নামত চৰকাৰে ধন অপচয় কৰাৰ সন্দৰ্ভত ফুকনে কয় “চৰকাৰে যি অবাবত পইচা খৰচ কৰে যি ফিল্ম ফেয়াৰ বা নমামী ব্ৰহ্মপুত্ৰ বা নমামী বৰাক, সংকল্প সমাৰোহ, এডভান্টেজ আসামৰ নামত পইচা খৰচ কৰে৷ অসমৰ জনসাধনৰণে প্ৰতিবাদ কৰিছিল কাৰণ চৰকাৰৰ এইবোৰ অপচয়৷ এইখন চৰকাৰ দেউলীয়া এখন চৰকাৰ৷ আমাৰ টকা আছে আমি সকলো কৰিব পাৰিম৷ তাৰ পিচত ৫ টকা বঢ়াইছে কিয়?”

ইপিনে তেও কয় এইখন অসমত মহাৰাষ্ট্ৰ বা কেৰেলাৰ দৰে দৰে সমস্যা হোৱা নাই৷এতিয়ালৈকে ৩৪ জন আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত তেওলোকৰ বেছি সংখ্যককে ইতিমধ্যে ঘৰলৈ পঠোৱা হ’ল৷ ইয়াৰ পিচতো চৰকাৰ খন দেউলীয়া হ’বনে?

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ফুকনে কয় চৰকাৰে এজন ৰোগীক মুকলি কৰি দিবলৈ মন্ত্ৰীয়ে গুৱাহাটীৰ পৰা বৰাকলৈ, গোলাঘাটলৈ হেলিকপ্তাৰ দৌৰাই৷ কিয় হেলিকপ্তাৰ দৌৰাই মন্ত্ৰী গৰাকীয়ে ৰোগীজনক মুকলি কৰি দিবলৈ যাব লগা হ’ল বুলিও প্ৰশন কৰে ফুকনে।

ৰাজ্য চৰকাৰক যদি টকা লাগে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবৰ বাবে অনুৰোধ কৰিব লগতে চৰকাৰক গোটেই ব্যৱস্থাৰ ওপৰত ক’ত কিমান টকা খৰচ কৰা হ’ল তাৰ শ্বতপত্ৰ ঘোষণা কৰিব লাগিব মন্তব্য কৰে ফুকনে ৷

সোণোৱাল চৰকাৰক অনুৰোধ জনাই ফুকনে কয় “এই সংকট কালত অসমৰ মানুহে ভয়ানক অৱস্থাত আছে৷ অসমত ১ কোটি ২০ লাখ শ্ৰমশক্তিৰ অৱস্থাৰ সংকট৷ তেওঁলোকৰ ওপৰত যদি আৰু ডিজেল পেট্ৰলৰ ৫ টকা বঢ়াই হেঁচা দিয়া যায় সমগ্ৰ পৰিবহন ক্ষেত্ৰ, কৃষি ক্ষেত্ৰ আঘাত কৰিব৷ পৰিবহনত আঘাত কৰিলেই মূল্যবৃদ্ধি হ’ব ফলত নতুন সংকট অৰম্ভ হব৷ মুখ্যমন্ত্ৰী হিচাপে সোণোৱাল ডাঙৰীয়া আপোনাক অনুৰোধ কৰিছো ৰাইজৰ ওপৰত আকৌ হেঁচা নিদিব৷ৰাইজক সহায় কৰক।”