NORTHEAST NOW (Assamese)

গোলাঘাটত অসমীয়া চাহ সমাৰোহৰ আয়োজন

February 20, 2019 3:53 pm · ঋতুপল্লৱ শইকীয়া
ইন্টাৰনেটৰ পৰা সংগৃহীত অসমৰ চাহৰ আলোকচিত্ৰ

গোলাঘাট জিলাত এদিনীয়া কাৰ্য্যসূচীৰে ’‘অসমীয়া চাহ সমাৰোহ’’ আয়োজনৰ প্ৰস্তুতি চলাই থকা হৈছে। অসমৰ চাহক বিশ্ববাসীৰ আগত অধিক জনপ্ৰিয় কৰি তোলাৰ উদ্দ্যেশ্যৰে আৰিণ টি নামৰ সংস্থাটোৱে আয়োজন কৰি অহা অনুস্থানটোৱে দ্বিতীয় বছৰত ভৰি দিব।

আৰিণ টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ পাভজান চাহ বাগিচাত ১ মাৰ্চত অনুষ্ঠিত হ’ব ‘‘অসমীয়া চাহ সমাৰোহ’’ শীৰ্ষক অনুষ্ঠানটো। এইবাৰ আয়োজক সমিতিয়ে অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী হাতত লৈছে।

জৈৱিক চাহক জনপ্ৰিয় কৰি তোলা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত জৈৱিক চাহ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠানত এক সজাগতা আৰু প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তা সমিতিয়ে জনাইছে।

আনহাতে, চাহৰ বিষয়ে জানিবলৈ আৰু ইয়াৰ গুণাগুণ, সোৱাদ, প্ৰস্তুতি আৰু জৈবিক চাহ উৎপাদন আদি বিভিন্ন দিশ সামৰি প্ৰশিক্ষণ প্ৰদানৰ বাবে অসম তথা ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ব্যক্তিগত চাহ বাগিচাত স্থাপন হ’ব অসম টি একাডেমি নামৰ এক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ।

চলিত বৰ্ষৰ মে মাহৰ পৰা প্ৰতিষ্ঠানখনত নিয়মীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

Related News