চৰকাৰী বাসগৃহত ৰহস্যজনকভাৱে মৃত্যু অযোধ্যাৰ অতিৰিক্ত জিলা উপায়ুক্তৰ। অতিৰিক্ত জিলা উপায়ুক্ত (আইন আৰু শৃংখলা) সুৰজিৎ সিং বাস কৰিছিল সুৰছাৰী কলনী চিভিল লাইনত। আজিৰ দিনটোতে আৰক্ষীয়ে আৱাসিক ঘৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। অতিৰিক্ত জিলা দণ্ডাধীশৰ মৃত্যুৰ কাৰণে ৰহস্যৰ সৃষ্টি কৰিছে । ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
অযোধ্যাৰ আৰক্ষী অধীক্ষক ৰাজ কৰণ নায়েৰে অতিৰিক্ত জিলা উপায়ুক্তগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। ঘটনাস্থলীত ৰহস্যজনক মৃত্যুৰ খবৰ অহাৰ লগে লগে জিলা আয়ুক্ত, জিলা দণ্ডাধীশৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো বিষয়াই সেই স্থানলৈ যায়। আৰক্ষীৰ সূত্ৰ অনুসৰি এডিএমৰ পৰিয়াল কানপুৰত থাকে। সচৰাচৰৰ দৰে বৃহস্পতিবাৰে পুৱা ৰান্ধনীজন ৰান্ধিবলৈ আহিল। তেওঁ প্ৰথমে ঘৰত পৰি থকা অতিৰিক্ত জিলা দণ্ডাধীশৰ মৃতদেহ দেখিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ঘটনা পোহৰলৈ অহাৰ পাছতে সুৰছাৰী কলনীলৈ যায় স্থানীয় সাংসদ আব্ধেশ প্ৰসাদ। তেওঁ আৰক্ষী-প্ৰশাসনৰ বিষয়াসকলৰ পৰা সকলো বিষয় সন্দৰ্ভত সোধা-পোছা কৰে। অতিৰিক্ত জিলা দণ্ডাধীশেও সুৰজিৎ সিঙৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰে। ঘটনাৰ তদন্ত আৰম্ভ হৈছে। অৱশ্যে এডিএমৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।