জে এম বিৰ শ্লিপাৰ চেলক নেতৃত্ব দিছিল আজাহাৰুদ্দিনে : আৰক্ষী অধীক্ষক

WhatsApp Image 2019-10-17 at 7.10.28 PM

বৃহস্পতিবাৰে বৰপেটাৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

বৰপেটাত মৌলবাদী উগ্ৰপন্থী সংগঠন জামাতুল মুজাহিদিন অৱ বাংলাদেশ চমুকৈ “জে এম বি” ৰ দুধৰ্ষ কেডাৰ আজাহাৰুদ্দিন আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আজি বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবিন কুমাৰে সংবাদ মেলৰ আয়োজন কৰে ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে জনায় যে, ধৃত আজাহাৰুদ্দিন বৰ্দ্ধমান বিস্ফোৰণৰ মুখ্য অভিযুক্ত শ্বাহানুৰ আলমৰ পৰা প্ৰশিক্ষণ লাভ কৰিছিল ৷

আজাহাৰুদ্দিনে শ্বাহানুৰ আলমৰ ঘৰত আৰু সৰ্থেবাৰীৰ চতলা, লাৰকুছিৰ লগতে পশ্চিমবঙ্গতো দুবাৰকৈ প্ৰশিক্ষণ লৈছিল বুলি তেওঁ জানিবলৈ দিয়ে ৷

বৰপেটা জিলাৰ ৰৌমাৰী পথাৰ গাঁৱৰ যুৱক আজাহাৰুদ্দিনে জে এম বিৰ শ্লিপাৰ চেলক নেতৃত্ব দি আহিছিল বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জনায় ৷

তেওঁ লগতে জনায় বিগত পাঁচ বছৰে বহি:ৰাজ্যত আত্মগোপন কৰি আছিল আজাহাৰুদ্দিনে ৷

আৰক্ষীয়ে আজাহাৰুদ্দিনৰ পৰা আধাৰ কাৰ্ড, দুখনকৈ পান কাৰ্ড, পাছপোৰ্ট আৰু বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷