• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

B-Pharmৰ শিক্ষাৰ্থীসকল সাৱধান হওক; চৰকাৰী NOC নোহোৱাকৈয়ে নামভৰ্তি ৰাজ্যৰ কেবাখনো প্ৰতিষ্ঠানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2021 11:44 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ অনুমতি নোহোৱাকৈয়ে শিক্ষাৰ নামত ব্যৱসায় চলাই আছে অসমৰ একাংশ ফাৰ্মাচী শিক্ষাৰ প্ৰতিষ্ঠানে।

বিশ্ববিদ্যালয়ৰ নিৰ্দেশনাকো আওকান কৰি চৰকাৰী অনুমতি অবিহনে এই প্ৰতিষ্ঠানসমূহে চলাইছে নামভৰ্তী প্ৰক্ৰিয়া।

Apply Now

যোৱা ১০ আগষ্টত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে জাৰি কৰা এক নিৰ্দেশনাযোগে বিশ্ববিদ্যালয়খনে নিম্নোল্লেখিত পাঁচখন প্ৰতিষ্ঠানক ২০২১ বৰ্ষত বি ফাৰ্মৰ নামভৰ্তিৰ বাবে বাৰণ কৰিছিল।

ফাৰ্মাচী কাউন্সিৰ অৱ ইণ্ডিয়া আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নীতি উলংঘা কৰাৰ বাবে প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা লৈছিল। বিশ্ববিদ্যালয়খনৰ শিক্ষা পৰিষদৰ ২৭ জুলাইত অনুষ্ঠিত হোৱা বৈঠকৰ সিদ্ধান্ত অনুসৰি এই নিৰ্দেশনা জাৰি হৈছিল।

২০২১ বৰ্ষত বি ফাৰ্মৰ নামভৰ্তীথ নিষেধাজ্ঞা জাৰি কৰা প্ৰতিষ্ঠান কেইখন ক্ৰমে- গুৱাহাটীৰ সাতগাঁৱৰ চানচিটি লেনত থকা JB Institute of Pharmacy, নগাঁৱৰ কলংপাৰত থকা NEF College of Pharmaceutical Education and Research, কৰিমগঞ্জৰ বদৰপুৰত থকা Allama TR College of Pharmacy, গুৱাহাটীৰ বেলতলাত থকা NEPEDS College of Pharmaceutical Science আৰু গুৱাহাটীৰ টেপেচিয়াত থকা Regional College of Pharmaceutical Science ।

এই প্ৰতিষ্ঠানকেইখনে বি ফাৰ্ম পাঠ্যক্ৰমৰ বাবে অসম চৰকাৰৰ NOC লাভ কৰা নাই।

কিন্তু বিশ্ববিদ্যালয়ৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ দেকুওৱাই এই প্ৰতিষ্ঠানসমূহে অবৈধভাৱে নামভৰ্তী প্ৰক্ৰিয়া চলাই আহিছে।

নামভৰ্তিৰ বাবে প্ৰতিষ্ঠানকেইখনে বিভিন্ন মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰিছে। কেইখনমানে নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাও অনুষ্ঠিত কৰিছে। ইফালে পাঠ্যক্ৰমৰ মাছুল নিৰ্ধাৰণ কৰিছে ৪-৬ লাখ টকা পৰ্যন্ত।

ইপিনে, নিৰ্দেশনা জাৰি কৰিয়েই দায়িত্ব সামৰিলে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাক জনোৱা মতে জুন মাহৰ পৰাই এই প্ৰতিষ্ঠানকেইখনে নামভৰ্তি প্ৰ্ৰক্ৰিয়া চলাই আহিছে।

আনহাতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১০ আগষ্টতহে প্ৰতিষ্ঠানকেইখনৰ নামভৰ্তিত নিষেধাজ্ঞা জাৰি কৰি নিৰ্দেশনা জাৰি কৰিছিল। গতিকে বিশ্ববিদ্যালয় উপায়হীন। কিন্তু এটা কথা মন কৰিবলগীয়া ২০২১ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে জুলাই মাহৰ শেষতহে, কিন্তু জুন মাহৰ পৰাই প্ৰতিষ্ঠানকেইখনে নাম ভৰ্তি কৰাই আহিছে। অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ ফলাফল ওলাৱাৰ এমাহৰ আগৰ পৰাই নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আহিছে।

২০১৯ চনৰে পৰা এই প্ৰতিষ্ঠান কেইখনে B-Pharm পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰি আহিছে। অথচ প্ৰতিষ্ঠান কেইখনে অসম চৰকাৰৰ NOC লাভ কৰাই নাই।

ফাৰ্মাচী কাউন্সিৰ অৱ ইণ্ডিয়া আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নীতি উলংঘা উলংঘা কৰি পাঠ্যক্ৰমটোৰ পাঠদান চলাই আহিছে। যি কথা গুৰুত্ব নিদিয়াৰ বাবে বিশ্ববিদ্যালয়খনে এই প্ৰতিষ্ঠানকেইখনৰ ২০১৯ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক পঞ্জীয়নভূক্ত কৰিবলগীয়া হৈছিল।

কিন্তু এতিয়া সকলো জানি-বুজিও এই নীতি বহিৰ্ভূত কাৰ্যত চকু মুদি আছে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয়খনৰ এই সোপাঢিলা নীতি আৰু এই পাঁচখনকৈ প্ৰতিষ্ঠানৰ কাণ্ডৰ বাবেই শ শ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হোৱাৰ উপক্ৰম হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd