NORTHEAST NOW (Assamese)

বাণ থিয়েটাৰৰ উদ্যোগত পদ্মনাথ গোহাঞি বৰুৱাৰ ওপজা দিন

December 16, 2018 10:24 pm · এন ই নাও নিউজ
Updated: December 16, 2018 10:25 pm

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ১৪৭ সংখ্যক ওপজা দিন কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে তেজপুৰৰ বাণ থিয়েটাৰে। উল্লেখযোগ্য যে সাহিত্যিকজনৰ জন্মস্থান তেজপুৰৰ কেইবাটাও অগ্ৰণী সামাজিক সংস্থাই এই ওপজা দিনৰ কাৰ্য্যসূচীটো দুদিনীয়াকৈ পাতিছে।

আন এটা মন কৰিব লগীয়া কথা যে সাহিত্যকজনৰ জন্মৰ তাৰিখক লৈ ইমান দিনে চলি থকা বিভ্ৰান্তিৰো এটা সমাধান আগ বঢ়াইছে ওপজা দিন উদযাপন সমিতিয়ে। তেজপুৰৰ কেইবাটাও অগ্ৰণী সামাজিক-সাহিত্যৰ অনুষ্ঠান-প্ৰতিষ্ঠানে আলোচনা কৰি এইটো থিৰাং কৰিছে যে সাহিত্যিকজনে তেওঁৰ লেখাৰ মাজত নিজে উল্লেখ কৰি যোৱা ২৯ আঘোণ তাৰিখটোকে সাহিত্যিকগৰাকীৰ জন্ম দিন হিচাপে প্ৰতি বছৰে পালন কৰাৰ সিদ্ধান্ত লৈছে আৰু এইটো সমগ্ৰ অসমৰ ৰাইজক গ্ৰহণ কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে।

উল্লেখযোগ্য যে অসম সাহিত্য সভা প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা লোৱা সাহিত্যকগৰাকীয়ে সভাৰ প্ৰথমজন আসন শুৱনি কৰিছিল। ১৯১৭ চনত শিৱসাগৰত উক্ত প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল।

Related News