• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰাদ্ধৰ ভোজ গ’ল, জ্ঞানেন্দ্ৰ হত্যাৰ তদন্ত প্ৰতিবেদন নোলাল; প্ৰতিবাদৰ সংকল্প দল-সংগঠনৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
December 16, 2018 9:55 pm
Photo of the deceased Gyanendra Rajkhowa

নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ ছবি। নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণৰ মাজতে ঢেকিয়ালৰ হাবিয়াল গাঁৱত গোলাঘাট আৰক্ষীয়ে গুলীয়াই হত্যা কৰা মানসিকভাৱে অসুস্থ যুৱক জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ মৃত্যুৰ ঘটনাই দেওবাৰে ১২টা দিন অতিক্ৰম কৰিলে।

লগতে পঢ়ক– আৰক্ষী বনাম অধিবক্তা: জ্ঞানেন্দ্ৰ হত্যাক লৈ ঐক্যবদ্ধ যুঁজত গোলাঘাটৰ উকীল সমাজ

Apply Now

ইতিমধ্যে নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ পাছত গ্ৰামাঞ্চলৰ ৰাইজৰ মাজলৈ স্বাভাৱিক জীৱন ঘূৰি আহিছে।  আৰু এই  সুযোগতে যেন গোলাঘাট জিলা  প্ৰশাসন  আৰু   আৰক্ষীয়ে জ্ঞানেন্দ্ৰ ৰাজখোৱা হত্যাকাণ্ডৰ তদন্ত নীৰৱে-নিমাতে সামৰি থোৱাৰ চেষ্টা চলাইছে।

লগতে পঢ়ক– শাস্তি হ’ব পাৰে গোলাঘাটৰ আৰক্ষীৰ?

কাৰণ যোৱা ৫ ডিচেম্বৰতে সংঘটিত উক্ত ঘটনাৰ সন্দৰ্ভত যুৱকজনৰ পিতৃয়ে আৰক্ষীক গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পার্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযোগ তুলি গোচৰ দিয়াৰ পিছতো আজি পৰ্য্যন্ত বিষয়াগৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা নল’লে। একেদৰে জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাই দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰি প্ৰশাসনিক বিষয়া টিংকুমণি বৰাক দায়িত্ব দিয়াৰ কথা ঘোষণা কৰিছিল যদিও উক্ত তদন্ত সন্দৰ্ভতো প্ৰশাসন নীৰৱ। গতিকে জনতাৰ সুৰক্ষাৰ দায়িত্ব থকা এই দুই পক্ষৰ মৌনতাই যুৱকজনৰ পৰিয়ালক ন্যায় দিয়াৰ নামত ভেকো ভাওনা চলিছে সেয়া স্পষ্ট হৈ পৰিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত দেওবাৰে গণকপুখুৰী তিনিআলিত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। গোলাঘাট জিলা কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত উক্ত সভাত সভাপতিত্ব কৰে গোলাপ শইকীয়াই আৰু সভাৰ আঁত ধৰে সন্মিলনীৰ গোলাঘাট জিলা সমিতিৰ সভাপতি পংকজ ৰাজখোৱাই।

উল্লেখযোগ্য যে জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ হত্যা সম্পৰ্কত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ পৰিৱৰ্তে বিশ্বাসঘাতকতা কৰাৰ প্ৰতিবাদত উক্ত সভা অনুষ্ঠিত কৰা হয়। বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰা উক্ত সভাই সমগ্ৰ ঘটনাত প্ৰশাসন আৰু আৰক্ষীৰ ভূমিকাৰ  তীব্ৰ সমালোচনা কৰে। লগতে এজন নিৰ্দোষী যুৱকক নৃশংসভাৱে হত্যা কৰাৰ পাছতো দোষী আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আজি পৰ্য্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত সকলো একত্ৰিত হৈ শীঘ্ৰে গোলাঘাট চহৰৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উক্ত সভাত হিউমেন ৰাইটছ একচন কাউন্সিলৰ সঞ্চালক পৰশমণি সিংহ, আহোম সেনাৰ কেন্দ্ৰীয় সভাপতি অংকুৰণ ফুকন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সভাপতি আব্দুল হাচিম, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰমানন্দ দাস, মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাস, সদৌ অসম কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি দুগ্ধ বৰা, টাই আহোম ছাত্ৰ সন্থাৰ জিলা সম্পাদক গৌতম লাহন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক কেশৱ বৰা, গোলাঘাট জিলা কোঁচ ৰাজবংশী সন্মিলনৰ সভাপতি অতুল বৰতামুলী আদি উপস্থিত থাকে।

উল্লেখযোগ্য যে দেওবাৰেই যুৱকজনৰ শ্ৰাদ্ধ সম্পন্ন হয়।

তদন্তক লৈ আৰক্ষীৰ পদক্ষেপ:

ইফালে উক্ত ঘটনাৰ মূল ব্যক্তি আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম শইকীয়াৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী কিমান নমনীয় তাৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে বিষয়টো তদন্তকাৰী বিষয়াগৰাকীকলৈ। প্ৰাপ্ত তথ্য অনুসৰি উপ আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ (গোলাঘাট আৰক্ষী থানা ১০৫৪/১৮, ভাৰতীয় দণ্ডবিধিৰ ৩০২ নং ধাৰা) তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে বোকাখাটৰ এছ ডি পি অ’ বিতুল চেতিয়াক। যিজনৰ নিৰ্বাচনৰ পূৰ্বেই গোলাঘাট জিলাৰ পৰা তিনিচুকীয়া জিলালৈ স্থানান্তৰৰ  নিৰ্দেশ আহিছে। তদুপৰি দুয়োজন সমপৰ্য্যায়ৰ বিষয়া। গতিকে এনেধৰণৰ কাৰ্যই ঘটনাটোক লৈ গোলাঘাট আৰক্ষী আৰু জিলা প্ৰশাসনৰ কিমানখিনি সদিচ্ছা আছে সেয়া স্পষ্ট কৰি তুলিছে।

উল্লেখযোগ্য যে ইতিমধ্যে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগত দুটাকৈ গোচৰ পঞ্জীয়ন হোৱাৰ পাছত এইবাৰ গোলাঘাট অধিবক্তা সন্থাই ঘটনাৰ উচিত তদন্ত আৰু দোষীৰ বিৰুদ্ধে শাস্তি বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ দিয়াৰ প্ৰস্তুতি চলাইছে।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd