• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাস্তি হ’ব পাৰে আৰক্ষীৰ? গোলাঘাটত মৃত্যু গুলীবিদ্ধ ‘মানসিক বিকাৰগ্ৰস্ত’ প্ৰাঃ বি এছ এফ জোৱানৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
December 5, 2018 11:00 pm
Photo of the deceased Gyanendra Rajkhowa

নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ ছবি। নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ মাজতে গোলাঘাটত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ বুধবাৰে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰাণ হেৰুওৱা ‘‘মানসিক বিকাৰগ্ৰস্ত’’, বি এছ এফৰ প্ৰাক্তন জোৱান জ্ঞানেন্দ্ৰ ৰাজখোৱা (৩৫)ৰ মৃত্যুৰ দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে জিলা উপায়ুক্তই।

ঘটনাটোত দোষী সাব্যস্ত হ’লে শাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৰাজখোৱালৈ গুলীচালনা কৰা আৰক্ষীৰ। হাবিয়াল নিম্ন বুনিয়াদী বিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনত ভোট দিবলৈ অহা লোকক “হাতত লোহাৰ ৰদ লৈ” আক্ৰমণ কৰা লোকজনক নিয়ন্ত্ৰণ কৰিবলৈ “ভৰিলৈ” গুলী চলাইছিল জিলাখনৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত যোৱা দলটোৰ এজন জোৱানে।

Apply Now

কিন্তু লোকজনৰ “ভৰিলৈ” লক্ষ্য কৰি গুলী চলোৱা হৈছিল বুলি জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয়ে সদৰী কৰিছে যদিও নিহত ৰাজখোৱাৰ পিতৃৰ ভাষ্যই সৃষ্টি কৰিছে জটিলতাৰ। নিহত জ্ঞানেন্দ্ৰৰ দেউতাক নগেন ৰাজখোৱাৰ মতে “সাৱধানবাণী” নুশুনোৱাকৈ তেওঁৰ “মানসিক ভাৰসাম্যহীন” পুত্ৰক গুলীয়াইছিল আৰক্ষীৰ দলটোৱে।

“পুলিচ আমাৰ ঘৰলৈ আহোঁতে মই তাক আত্মসমৰ্পণ কৰিবলৈ কৈছিলো। কিন্তু সি বাহিৰলৈ গৈ পুলিচৰ সৈতে তৰ্কাতৰ্কি কৰে আৰু এখন দা দেখুৱায় আৰু কোনো সাৱধানবাণী নুশুনোৱাকৈ পুলিচে মোৰ ল’ৰাটোৰ গাত গুলী চলায়,” মই তাক পলাই যাবলৈ কোৱা হ’লে সি মৰিব লগা নহ’লহেঁতেন বুলি দুখ কৰি এই অভিযোগ পিতৃ নগেন ৰাজখোৱাৰ।

লগতে পঢ়ক– অসমৰ ক’ত কেতিয়া পুনৰ ভোট গ্ৰহণ? পঞ্চায়ত নিৰ্বাচনত খেলিমেলি স্বীকাৰ ৰাজ্যিক আয়ুক্তৰ

৭ বছৰ পূৰ্বে বি এছ এফৰ পৰা অৱসৰ লোৱা পুত্ৰ জ্ঞানেন্দ্ৰই “মানসিক ভাৰসাম্যতা” হেৰুৱাইছিল বুলি সদৰী কৰি দেউতাকৰ প্ৰশ্ন, “মোৰ পদূলিতে তাক নামাৰি আৰক্ষীয়ে আন কিবা ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। ইমান অস্ত্ৰ লৈ অহা আৰক্ষীৰ দল এটাৰ বিৰুদ্ধে এটা মানুহ ইমান বিপজ্জনক হৈ উঠিব পাৰেনে?”

আনহাতে আৰক্ষী অধীক্ষকৰ ভাষ্য তাৰ বিপৰীত। “নিৰ্বাচনত অসুবিধা সৃষ্টি কৰা আৰু তিনিজন লোকক আঘাত কৰা সন্দৰ্ভত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ ঘৰলৈ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দল গৈছিল। তেওঁৰ ঘৰত উপস্থিত হোৱা আৰক্ষীৰ দলটোলৈ তেওঁ দুখন দা লৈ খেদি অহাত আৰক্ষীয়ে পাম্প এক্সন শ্বট গানেৰে গুলীয়াই তেওঁক আঁতৰাই পঠোৱাৰ চেষ্টা কৰে। কিন্তু তেওঁ পিছ নহৈ খেদি আহি থকা অৱস্থাতো আমাৰ দি এছ পিয়ে চাৰি জাঁই গুলী শূন্যলৈ চলায় আৰু আমাৰ এজন জোৱানে তেওঁৰ ইনছাছ ৰাইফলেৰে তেওঁৰ ভৰিলৈ লক্ষ্য কৰি গুলীয়াই,” ঘটনাটোৰ এই বিৱৰণী আৰক্ষী অধীক্ষক ৰয়ৰ।

হাবিয়াল নিম্ন বুনিয়াদী বিদ্যালয়ত ভোট দিবলৈ অহা অৱস্থাত নিহত জ্ঞানেন্দ্ৰই  “এডাল লোহাৰ ৰদ”এৰে আক্ৰমণ কৰা বুলি স্থানীয় চতাই দাস নামৰ এজন গঞায়ো অভিযোগ কৰিছে। তেওঁৰ ভাষ্য অনুসৰি আন লোককো জ্ঞানেন্দ্ৰই আক্ৰমণ কৰিছিল।

ঘটনাৰ সময় আছিল পুৱা ১০.৩০ বজা আৰু স্থানীয় লোকৰ ভাষ্য মতে বুধবাৰে পুৱাৰ পৰাই এলেকাটোত বিভিন্ন লোকক আক্ৰমণ কৰিছিল নিহত লোকজনে।

শেহতীয়া সূত্ৰ অনুসৰি কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে, কিন্তু দেহটো এতিয়ালৈকে পৰিয়ালৰ লোকক গতোৱা হোৱা নাই।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd