NORTHEAST NOW (Assamese)

দুচকীয়া বাহন চলোৱা সকলৰ বাবে দু-খবৰ; এতিয়াৰে পৰা মানিব লাগিব দুটা নতুন নিয়ম

July 11, 2019 4:52 pm · এন ই নাও নিউজ
Updated: July 11, 2019 4:55 pm

চাৰিচকীয়া বাহনতকৈ দুচকীয়া বাহন ব্যৱহাৰকাৰীৰ সংখ্যা বেছি। কিন্তু এতিয়া দুচকীয়া বাহন চলোৱা সকলৰ বাবে আহিছে  এক দু-খবৰ। এতিয়াৰে পৰা দুচকীয়া বাহন মটৰচাইকেল, স্কুটী আদি চলোৱা সকলে মানিব লাগিব দুটাকৈ নিয়ম।

এই নিয়ম সকলোৱে মানি চলাটো বাধ্যতামূলক আৰু ই সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব।

সকলোৱে মানি চলিবলগীয়া এই দুই নতুন নিয়মৰ প্ৰথমটো হ’ল পূৰ্বতে দুচকীয়া বাহনৰ ইঞ্চুৰেন্স আছিল ২ লাখ টকা কিন্তু এতিয়াৰে পৰা ইয়াক ১৫ লাখলৈ বৃদ্ধি কৰা হৈছে। গতিকে এতিয়াৰে পৰা আপুনি দুচকীয়া বাহনৰ ইঞ্চুৰেন্স ১৫ লাখ টকা কৰিব লাগিব।

আনহাতে দ্বিতীয়তে এতিয়াৰে পৰা আপুনি দুচকীয়া মটৰচাইকেল বা স্কুটী কিনিতো পাঁচ বছৰৰ কাৰণে কৰিব লাগিব তৃতীয় পক্ষ ইঞ্চুৰেন্স।

Related News