NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত বিছলেৰী মিনাৰেল ৱাটাৰ বটলত দুৰ্গন্ধ যুক্ত পানী বিক্ৰী

August 28, 2018 7:32 am · মানস প্ৰতিম গগৈ

সম্প্ৰতি  বজাৰত উপলব্ধ বটলৰ এটুপী পানীয়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে মাৰাত্মক ৰোগ। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত পোহৰলৈ অহা এক ঘটনাত ধৰা পৰিছে কিদৰে ‘মিনাৰেল ৱাটাৰ’ৰ নামত অসমত ব্যৱসায় কৰি থকা একাংশ কোম্পানীয়ে জনস্বাস্থ্যৰ প্ৰতি পিঠি দি মানুহৰ জীৱনৰ সৈতে খেলা কৰি আহিছে।

 মাৰ্ঘেৰিটাত ব্যাপক হাৰত বিক্ৰী হৈ থকা বিছলেৰী ইণ্টাৰ্নেশ্যনেল প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ মিনাৰেল ৱাটাৰ বটলত এই বিসংগতি ধৰা পৰিছে।

 উক্ত কোম্পানীটোৰ ডিব্ৰুগড়ৰ ধেকেৰিগাওঁ‌ বানিপুৰ লাহুৱালস্থিত “ভিজন ফুড এণ্ড বেভেৰেজ“ পেকেজিং দায়িত্ব থকা এই বহুজাতিক কোম্পানীটোৱে ২০১৮ বৰ্ষৰ জুন মাহতে পেকেজিং কৰা মিনাৰেল ৱাটাৰ পানীৰ বটল সমূহত দুৰ্গন্ধ পোৱা গৈছে। এই সম্পৰ্কে বিভিন্নজনে কোম্পানীটোক অৱগত কৰিছিল যদিও ইয়াৰ পাছতো তিনিচুকীয়া জিলা খনৰ লগতে মাৰ্ঘেৰিটা মহকুমাটোত ব্যাপক ৰূপত এই মিনাৰেল ৱাটাৰৰ বিক্ৰী অব্যাহত ৰাখিছে।

পানী বটল এনেধৰণৰ ৰাসায়নিক দুৰ্গন্ধ জিলাখনৰ ডুমডুমাটো ধৰা পৰিছিল। এই ৰাসায়নিক দুৰ্গন্ধ পানী সতেজ কৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য অধিক পৰিমাণৰ থকাৰ বাবে এই দুৰ্গন্ধ বাহিৰ হৈছে বুলি মত ব্যক্ত কৰিছে একাংশ সচেতন লোকে।

এই ক্ষেত্ৰত উচ্চ পৰ্য্যায়ৰ এক তদন্ত কৰি এই মিনাৰেল ৱাটাৰ কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপিত হৈছে। এই ক্ষেত্ৰত খাদ্য ও স্বাস্থ্য সুৰক্ষা বিভাগসমূহে কেনেধৰণত ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে বৰ্তমানেও তিনিচুকীয়াৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন দোকানত উভৈনদী হৈ আছে এই দুৰ্গন্ধযুক্ত বিছলেৰি মিনাৰেল ৱাটাৰ৷

Related News