NORTHEAST NOW (Assamese)

পাঁচবছৰত বদৰুদ্দিন আজমলৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পালে প্ৰায় দুগুণলৈ

March 29, 2019 8:10 pm · এন ই নাও নিউজ
বদৰুদ্দিন আজমলৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

এ আই য়ু ডি এফৰ প্ৰধান বদৰুদ্দিনৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি ২০১৪ চনৰ তুলনাত দুগুণ বৃদ্ধি পায়।  ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বদৰুদ্দিন আজমলে মনোনয়ন পত্ৰ দাখিলৰ সময়ত উল্লেখিত সম্পত্তিৰ পৰিমাণ হ’ল ৭৬.০২ কৌটি টকা আনহাতে ২০১৪ চনৰ মনোনয়ন পত্ৰত আজমলে উল্লেখ কৰা সম্পত্তিৰ পৰিমাণ আছিল ৪২.২৫ কৌটি টকা। চলিত নিৰ্বাচনত বৰ্তমানলৈ অসমত মনোনয়ন দাখিল কৰা আটাইতকৈ ধনী প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে আজমল।

আনহাতে, বিগত পাঁচ বছৰত আজমলৰ পত্নীৰ সম্পত্তিৰ পৰিমাণো বৃদ্ধি হয়। মনোনয়ন পত্ৰৰ হলফ নামাত উল্লেখ কৰা মতে পাঁচ বছৰত আজমলৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ ৭৯.৩২ লাখৰ পৰা ২.৭৬ কৌটি টকালৈ বৃদ্ধি পায়।

উল্লেখযোগ্য যে, এ আই য়ু ডি এফৰ মুৰব্বীজনৰ বছৰেকীয়া উপাৰ্জন হ’ল ৪.২৯ কৌটি টকা আৰু পত্নীৰ বছৰেকীয়া উপাৰ্জন হ’ল মাত্ৰ ৭৮৫০ টকা।

আজমলৰ বিপৰীতে দিছপুৰ, বাঘবৰ, নগাঁও, ধুবুৰী, পুলিবাৰ আৰু কোকৰাঝাৰ আৰক্ষী চকীত ছয়টা অপৰাধী গোচৰ পঞ্জীয়ণ হৈ আছে।

Related News