• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছতো বিদ্ৰোহৰ উকমুকনি; গুৱাহাটী সমষ্টিৰ টিকট প্ৰত্যাশীৰ বিষোদগাৰ নেতৃত্বৰ বিৰুদ্ধে

ধনৰ লেনদেন হোৱাৰ সন্দেহ প্ৰকাশ বলীন বৰদলৈ আৰু দ্বিজন শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 29, 2019 8:54 pm
Bolin Dwijen
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ দৰেই কংগ্ৰেছতো এইবাৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিদ্ৰোহৰ উকমুকনি দেখা গৈছে। দলটোৱে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে আজি দুজনকৈ জ্যেষ্ঠ নেতাই ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ কৰিছে।

গুৱাহাটী সমষ্টিৰ পৰা টিকট আশা কৰি থকা বলীন বৰদলৈয়ে আজি ববিতা শৰ্মাইহে প্ৰাৰ্থিত্ব পোৱা বুলি নিশ্চিত হোৱাৰ পিছতে গুৱাহাটীৰ নিজা বাসভৱনত সংবাদ মাধ্যমৰ আগত তেওঁক দলটোৱে বঞ্চনা কৰাৰ অভিযোগ আনিছে।

Apply Now

“কিয় বঞ্চিত কৰিলে” বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ ইয়াত ধনৰ অংক থাকিব পাৰে বুলি কৈ এয়া তেওঁৰ সন্দেহহে, নিশ্চিতকৈ নাজানে বুলি মন্তব্য কৰে।

“বঞ্চিত কিয় হ’লো ক’বলৈ টান। তথাপিও এনেকুৱা লাগে যেন পইচাৰ ক্ষেত্ৰত তেনেকুৱা এটা হ’ব পাৰে ক’ৰবাত। একেবাৰে ডাঠি ক’ব নোৱাৰো। মোক ছোনিয়া গান্ধী আৰু ড০ মনমোহন সিঙে যেতিয়া কৈছিল যে তোৰ টিকটৰ কাৰণে চিন্তা কৰিব নালাগে সেই কাৰণে মোৰ সন্দেহ হয়।”

২০০১ চনৰ পৰা টিকট বিচাৰি ভাগৰি পৰা বুলি নিজৰ হতাশা মুকলিকৈ প্ৰকাশ কৰে বৰদলৈয়ে।

“প্ৰথম কথা মোৰ বৰ দুখ লাগিল। কাৰণ আজি ১১ মাহ ধৰি গোটেই লোকসভা সমষ্টিতে ঘূৰি আছিলো। ৰাইজৰ পৰা যিখিনি সঁহাৰি তথা আশীৰ্বাদ পাইছিলো, টিকট নাপাম বুলি কেতিয়াও সপোনতো ভবা নাছিলো। সকলোতকৈ দুখৰ কথা তৃতীয়বাৰৰ বাবে লোকসভা নিৰ্বাচনৰ টিকট বিচাৰিছিলো”, বৰদলৈৰ আক্ষেপ।

একেদৰে দিল্লীত বাহৰ পাতি থকা আৰু টিকটৰ পৰা বঞ্চিত হোৱা দলটোৰ আন এজন নেতা দ্বিজেন শৰ্মায়ো মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে। তেৱোঁ টিকট দিয়াৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ আনে।

“আমি শুনিছো যে ধনৰ লেনদেন হৈছে। সঁচা-মিছা নাজানো। কিন্তু শুনিছো।” ক্ষুভিত শৰ্মাই কয়।

তেওঁ সমষ্টিলৈ কেতিয়াও গৈ নোপোৱা, বিধানসভা নিৰ্বাচনতো হৰা মানুহক টিকট দিয়া বুলি কটাক্ষ কৰে। অৱশ্যে ববিতা শৰ্মাৰ নাম পোনপটীয়াকৈ ক’বলৈ অস্বীকাৰ কৰে। “মই ববিতা শৰ্মা বা কোনো বুলি কোৱা নাই। আৰু মানুহক দিছে।”  দ্বিজেন শৰ্মাই কয়।

শৰ্মাই নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয়, “যিসকল জ্যেষ্ঠ কংগ্ৰেছী, যিসকলে কংগ্ৰেছৰ বাবে ত্যাগ স্বীকাৰ কৰিছে তথা কংগ্ৰেছৰ হকে কাম কৰি আছে সেইসকলকে দলীয় টিকটৰ পৰা বঞ্চিত কৰা হৈছে।”

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই তেওঁক মঙলদৈত টিকট দিয়া হ’ব বুলি আৰু নিৰ্বাচন খেলিবৰ বাবে ধনৰ যোগাৰ কৰিবলৈ কৈও পিছত বঞ্চিত কৰা বুলি অভিযোগ কৰি শৰ্মাই।

“প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কৈছিল যে আপোনাৰ টিকট নিশ্চিত, আপুনি কেৱল পইচা যোগাৰ কৰক। কিন্তু কেইদিন মানৰ পৰা তেওঁ এইটো কথাৰ পৰা আঁতৰি আহিল। তাৰ পাছত মই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা টিকট বিচাৰিছিলো। তাৰ পৰাও মোক বিবেচনা নকৰিলে।” ৰিপুণ বৰাৰ দুতলীয়া কথাত ক্ষোভ প্ৰকাশ কৰি শৰ্মাই কয়।

দলটোৱে আজি বাকী থকা ৪টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰে। বহু প্ৰত্যাশিত গুৱাহাটী লোকসভা সমষ্টিত ববিতা শৰ্মাক টিকট দিয়ে দলটোৱে। বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ক্ৰমে, আব্দুল খালেক, আবু তাহেৰ বেপাৰী আৰু শব্দ ৰাম ৰাভাক টিকট দিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd