বুধবাৰে এ আই ইউ দি এফ মুৰব্বী বদৰুদ্দিন আজমলৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক কবীৰ মণ্ডল কাকতালীয়ভাৱে দলটোৰে এগৰাকী প্ৰাক্তন কৰ্মচাৰী।
অসমৰ ইতিহাসত নোহোৱা-নোপজা ধৰণৰ ঘটনাটো সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা বিশেষ কথা-বাৰ্তাত বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে সাংবাদিক মণ্ডলে।
“২০১০ চনত এ আই ইউ ডি এফৰ গুৱাহাটীৰ মুখ্য কাৰ্য্যালয়ত এটা চাকৰি কৰিছিলো। প্ৰচাৰ বিভাগৰ সৈতে জৰিত আছিলো। প্ৰথমতে ভাল দৰমহা দিম বুলি লৈ আহিছিল গুৱাহাটীলৈ। মোক ৪ হাজাৰ টকাকৈ দিছিল, মোৰ ৰুম ভাড়া আছিল ২০০০ টকা। ৪ হাজাৰ টকাৰে চলিব পৰা নাছিলো, সেয়েহে মই বেলেগ চাকৰি পোৱাত সেই চাকৰি এৰি দিলো,” জনালে মণ্ডলে।
লগতে পঢ়ক– সাংবাদিকৰ মাইক দলিয়াই প্ৰাণে মৰাৰ ভাবুকি আজমলৰ ||Video||
সংবাদমেলখনত আজমলৰ আচৰণ আজিও দুৰ্বোধ্য হৈ আছে সাংবাদিকগৰাকীৰ বাবে।
আজমলে “পূৰ্বে কেতিয়াও এনেকুৱা আচৰণ কৰা নাছিল” বুলি সদৰী কৰি তেওঁ কয়, “আজিও যদি মই এ আই ইউ ডি এফ অফিচত যাওঁ, মোৰ লগত ভাল ব্যৱহাৰ কৰে সকলোৱে। কিন্তু সেই মানুহজনে কিয় মোক তেনেকুৱা ব্যৱহাৰ কৰিলে নাজানো।”
খৰ্গহস্ত আজমলৰ “টাৰ্গেট’’ হোৱাৰ আঁৰত সাংবাদিকজনে সন্দেহ কৰিছে দুটা কথাক— এ আই ইউ দি এফ নেতাজনৰ সমষ্টিত উন্নয়নৰ “ফোঁপোলা ছবি” উদঙাই বাতৰি পৰিৱেশন আৰু শেহতীয়া পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয়ভাৱে সাংবাদিকগৰাকীৰ পত্নীৰ প্ৰতিদ্বন্দ্বিতা।
“আজমলৰ বিৰুদ্ধে মই বহুসময়ত বাতৰি পৰিৱেশন কৰিছিলো। প্ৰতিদিন টাইম-ত তেওঁৰ সমষ্টিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছিলো। তেতিয়াৰ পৰা আজমলে মোক অলপ বেয়া চকুৰে চায়। দক্ষিণ শালমৰা সমষ্টিৰ বিধায়ক হৈ থকাৰ সময়ত আজমলৰ ‘মডেল ভিলেজ’ৰ কি অৱস্থা আছিল তাৰ ওপৰত বাতৰি কৰিছিলো,” জনালে মণ্ডলে।
লগতে পঢ়ক– আজমলক গ্ৰেপ্তাৰৰ দাবীত দিচপুৰ থানাত গোচৰ ডিমজাৰ
আনহাতে কবীৰৰ পত্নী জেস্মিনাৰা পাৰবিনে শেহতীয়া পঞ্চায়ত নিৰ্বাচনত দক্ষিণ শালমৰা-মানকাচৰ জিলাত নিৰ্দলীয়ভাৱে আগবঢ়োৱা প্ৰতিদ্বন্দ্বিতা এ আই ইউ দি এফৰ পৰাজয়ৰ কাৰণ হৈ উঠাটোও আজমলৰ খৰ্গহস্ততাৰ আঁৰৰ ৰহস্য বুলি সন্দেহ কৰিছে মণ্ডলে।
“মোৰ পত্নী জেস্মিনাৰা পাৰবিনে দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ ৩ নং ফেকাবাৰী জিলা পৰিষদত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই জিলা পৰিষদটোত এ আই ইউ ডি এফৰ সমৰ্থন বেছি আছিল। কিন্তু মোৰ পত্নী নিৰ্দলীয় হিচাপে থিয় দিয়াৰ পাছতেই তেওঁলোকৰ ভোটৰ সংখ্যাটো কমি গ’ল। মোৰ পত্নীয়ে ৪ হাজাৰ ভোট পালে, যাৰ ফলত এ আই ইউ ডি এফ চতুৰ্থ স্থান পালেহি। এইটোৱো এটা কাৰণ হ’ব পাৰে মোক আক্ৰমণ কৰাৰ,” কবীৰৰ মন্তব্য।
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কোনো গোচৰ তৰা নাই সাংবাদিকজনে। ঘটনাটোৰ পিছত বুধবাৰে থানাত গোচৰ দিয়া বুলি সংবাদ মাধ্যমক জনাইছিল মণ্ডলে।
“ই টিভি কাৰ্য্যালয়ৰ ফালৰ পৰা কথা-পাতি সিদ্ধান্ত ল’ব গোচৰ দিব নে নাই। মোৰ ফালৰ পৰা দিয়া হোৱা নাই গোচৰ,” কবীৰৰ মন্তব্য।
আনহাতে সাংবাদিকগৰাকীৰ কৰ্মস্থল ই টিভি অসম-এ জনাই যে তেওঁলোকৰ ফালৰ পৰাও কোনো গোচৰ তৰা হোৱা নাই।