কৃষ্ণাইৰ ওপৰত বেইলি গুচি পকা দলং হ’বলৈ আৰু কিমান বছৰ লাগিব বাৰু?

Bailey bridge over Krishnai river in Assam's Goalpara's Krishnai

কৃষ্ণাইৰ বেইলি দলং।

যাতায়াতৰ নামত এক বিড়ম্বনা ৰাষ্ট্ৰীয় ঘাইপথত৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগৰ চৰম দ্বায়িত্বজ্ঞানহীনতাৰ বাবে বিগত দুবছৰে বিকল হৈ আছে গোৱালপাৰাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণাই নৈৰ ওপৰত থকা পকী দলং৷

বিভাগে বিকল্প হিচাপে দিয়া বেইলি দলঙেৰে ৰাইজে ভুগিছে যমৰ যন্ত্ৰণা৷ ঘন্টাৰ পাছত ঘন্টা ধৰি আবদ্ধ হ’বলগীয়া হৈছে শ শ যানবাহন৷ পশ্চিম অসমৰ জনতাৰ মেৰুদন্ডস্বৰূপ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণাইৰ বিকল দলঙে বিপদত পেলাইছে সৰ্বসাধাৰণ জনতাক৷ কেতিয়া চকু মেল খাব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সেয়া এইমুহূৰ্তত এক লাখটকীয়া প্ৰশ্ন৷

দুবছৰ পূৰ্বে কৃষ্ণাই নৈৰ ওপৰত থকা পকী দলংখন দুৰ্বল হৈ পৰাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বেইলি দলং এখন সাজি যাতায়াতৰ ব্যৱস্থা কৰি দিছিল৷ কিন্তু এই বেইলি দলংখনেদি এবাৰত এটা দিশৰ বাহনহে পাৰ হ’ব পৰা বাবে দলংখনত প্ৰায়ে তীব্ৰ যানজঁটৰ সৃষ্টি হৈ আহিছে৷ কোনো সময়ত জৰুৰীকালীন এম্বুলেন্সো আবদ্ধ হৈ পৰে বেইলি দলংখনত৷

কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিকল পকী দলঙৰ সলনি নতুন এখন দলং নিৰ্মাণৰ কোনো চিন্তা-চৰ্চা নকৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজৰ দাবী কৃষ্ণাইত শীঘ্ৰে পকী দলং এখন নিৰ্মাণৰ ব্যৱস্থা কৰক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷