NORTHEAST NOW (Assamese)

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ শিৱসাগৰত ধৰ্ণা কাৰ্যসূচী

June 15, 2020 11:11 pm · পাৰ্শ্বজোতি গগৈ
শিৱসাগৰত প্ৰতিবাদী কাৰ্য্যসূচী

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাষ্টট্ৰেক আদালতত বিচাৰ চলায় উচিত শাস্তিৰ দিয়াৰ দাবীত আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দল শিৱসাগৰ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ শিৱসাগৰ জিলা সমিতিৰ কৰ্মকৰ্তাই আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে।

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালত বিচাৰ চলায় কম সময়ৰ ভিতৰতে দোষীক উচিত শাস্তি বিহা, ঋতুপৰ্ণৰ পত্নীক চৰকাৰী চাকৰী প্ৰদান কৰা আৰু পৰিয়ালটেক ৫০ লাখ টকাৰ আৰ্থিক সাহায্য  প্ৰদান কৰাৰ দাবী জনায়  আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দীপ দত্ত আৰু ৰাষ্ট্ৰীয় বজৰং দল শিৱসাগৰ জিলা সমুতিৰ সাধাৰণ সম্পাদক সীমান্ত গগৈয়ে।

ইয়াৰোপৰি, অসমত খিলঞ্জীয়া লোকৰ অস্তিত্ব সুৰক্ষিত কৰা, খিলঞ্জীয় লোকক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰা অপৰাধী সকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি অসমৰ ভূমি পুত্ৰ সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায় সংগঠন দুটায়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ মাজমজিয়াত দিনদুপৰতে ঋতুপৰ্ণ পেগু নামৰ এগৰাকী খিলঞ্জীয়া অসমীয়াক কেইগৰাকীমান দানৱ ডিঙি কাটি হত্যা কৰিছিল।

Related News