• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ্থিক দৈন্যতাত বাক্সা বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰয়াত লৱ স্বৰ্গীয়াৰীৰ পৰিয়াল

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 19, 2018 10:36 pm
Baksa BJP former president
123
VIEWS
Share on FacebookShare on Twitter

নিজৰ জীৱনকালত বিজেপিৰ বাবে গাঁঠিৰ ধন ভাঙি, চাইকেল চলাই অতি দুৰ্গম অঞ্চললৈ গৈয়ো দলৰ হৈ কাম কৰা বাক্সা জিলা বিজেপিৰ প্ৰাক্তন সভাপতি, দলটোৰ একনিষ্ঠ সেৱক প্ৰয়াত লৱ স্বৰ্গীয়াৰীৰ পৰিয়াল এতিয়া মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে।

দীৰ্ঘদিন ধৰি বেমাৰত ভোগী যোৱা ৬ আগষ্টত মৃত্যুবৰণ কৰা স্বৰ্গীয়াৰীৰ চিকিৎসাৰ বাবত পৰিয়ালটোৱে ঘৰৰ মাটি-বাৰী পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছিল।

উল্লেখযোগ্য যে স্বৰ্গীয়াৰীৰ তামুলপুৰৰ ভকতপাৰাৰ বাসগৃহত আজি অনুষ্ঠিত আদ্যশ্ৰাদ্ধত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি দুখত ভাগি পৰে তেওঁৰ পৰিয়ালৰ লোকসকল। আনকি দেউতাকৰ চিকিৎসাৰ বাবে লাগি থাকিবলগীয়া হোৱাত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তানেও স্নাতকৰ ৫ম ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে।

বিজেপিৰ বাবে পৰিয়ালৰ কথা নভবাকৈ কাম কৰা স্বৰ্গীয়াৰীৰ পৰিয়ালটোই এতিয়া এমুঠি অন্নৰ বাবে চিন্তা কৰিব লগীয়া হোৱা বুলি দুখ প্ৰকাশ কৰি পৰিয়ালৰ কোনো সদস্যক কৰ্ম সংস্থাপন দিয়াৰ বাবেও শাসনাধিস্থ চৰকাৰক কাতৰ অনুৰোধ জনায়।

অৱশ্যে আদ্যশ্ৰাদ্ধ উপলক্ষে প্ৰয়াত স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত হোৱা অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে চৰকাৰৰ তৰফৰ পৰা পৰিয়ালটোক সংস্থাপন দিয়া হ’ব বুলি আশ্বাস দিয়ে।

আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানতে ভবেশ কলিতাই প্ৰয়াত স্বৰ্গীয়াৰীৰ বাসগৃহৰ চৌহদত নিৰ্মাণ কৰা তেওঁৰ স্মৃতি সৌধটো মুকলি কৰে।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ ধৰ্মনাৰায়ণ দাস, বিজেপি নেতা বনমালী বড়ো, বাক্সা জিলা বিজেপিৰ নেতা কৰ্মী, তামুলপুৰ, নাগ্ৰীজুলি মণ্ডল বিজেপিৰ নেতা কৰ্মী, স্থানীয় বেজেপি নেতা-কৰ্মী আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Recent News

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd