NORTHEAST NOW (Assamese)

কুমাৰীকাটাত বাক্সা জিলা আদিবাসী চেংগেল অভিযানৰ তীব্ৰ প্ৰতিবাদ

January 31, 2021 2:04 pm · দীপক কুমাৰ পাঠক

অল ইণ্ডিয়া আদিবাসী চেংগেল অভিযানৰ নিৰ্দেশত সমগ্ৰ ভাৰতবৰ্ষৰ জুৰি আহ্বান জনোৱা ৰেলপথ, ঘাইপথ অবৰোধ কাৰ্যসূচী মৰ্মে আজি বাক্সা জিলা আদিবাসী চেংগেল অভিযান নামৰ সংগঠনটোৱে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

এই  কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে মাদল আৰু বিভিন্ন জাতীয় বাদ্য বজাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

‘আমাক লাগে এছ টি, উই ৱাণ্ট এছ টি, ন’ এছ টি ন’ ৰেষ্ট, উই ৱাণ্ট চাৰ্ণা কোড, আদিবাসী চেংগেল অভিযান জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি কুমাৰীকাটাৰ আকাশ-বতাহ উত্তাল কৰি তোলে প্ৰতিবাদী সংগঠনটোৰ নেতা-কৰ্মী সকলে।

ধৰ্ণা কাৰ্যসূচীৰ শেষত তেওঁলোকে তামুলপুৰ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিবাদস্থলীত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে বুলি কুমাৰীকাটা আৰক্ষী থানাৰ এটা দলো উপস্থিত আছিল।

Related News