• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধানসভাৰ নিৰ্বাচন-২০২১: হাওৰাঘাটত এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ নতুন দাবীদাৰ লংকি ফাংছ’

NE NOW NEWS এন ই নাও নিউজ
হাওৰাঘাট , January 31, 2021 2:19 pm

4 min read

লংকি ফাংছ'

হাওৰাঘাটত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ লংকি ফাংছ'। ফটো: নৰ্থইষ্ট নাও।

130
VIEWS
Share on FacebookShare on Twitter

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিটো হৈছে অসম বিধানসভাৰ এক গুৰুত্বপূৰ্ণ সমষ্টি । বিধানসভাৰ নিৰ্বাচনী দিন চমু চাপি অহাৰ লগে লগে ১৮নং হাওৰাঘাট বিধানসভা সমষ্টিত বিজেপি, কংগ্ৰেছ, এ এছ ডি চি, চি পি আই (এম এল) আদি বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

সমান্তৰালকৈ শাসকীয় বিজেপি দলৰ মাজতো প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজৰ তৎপৰতাই হাওৰাঘাট সমষ্টিৰ ৰাজনৈতিক বাতাবৰণ গৰম কৰি তুলিছে। ৰাজ্যখনৰ লগতে কাৰ্বি আংলঙতো দহ-পোন্ধৰবছৰীয়া কংগ্ৰেছৰ শাসন কাল চলি থকাৰ সময়ছোৱাত কাৰ্বি আংলং জিলাত বিজেপিৰ নাম গোন্ধই নোহোৱাৰ দৰে অৱস্থা আছিল ।

ঠিক সেই সময়ছোৱাৰ আগৰ পৰাই আৰ এছ এছ অৰ্থাৎ সংঘ পৰিয়ালৰ পৰা জন্ম আৰু প্ৰশিক্ষণ লৈ আৰ এছ এছ আৰু বিজেপিৰ নীতি আদৰ্শৰে পৰিচালিত হৈ বৰ্তমানলৈকে দলৰ নীতি আদৰ্শত অটল হৈ থকা অৰ্থাৎ যাক কোৱা হয় পুৰণি বিশুদ্ধ বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা বিজেপিলৈ অহাসকলক নতুন বিজেপি বুলি কোৱা হয়।

হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত অককেৰেং কুলাই গাঁৱত জন্ম গ্ৰহণ কৰা বিজেপিৰ দাবীদাৰ প্ৰাৰ্থীগৰাকীয়ে হৈছে অৱসৰপ্ৰাপ্ত উচ্চপদস্থ প্ৰশাসনিক আই এছ বিষয়া, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন উপ সভাপতি তথা নেশ্যনেল কাউন্সিলৰ সদস্য লংকি ফাংছ’ ।

প্ৰথম অৱস্থাত কাৰ্বি আংলং জিলাত বিজেপিৰ প্ৰভাৱ মুঠেই নাছিল। যেতিয়া হাওৰাঘাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিয়ে দহ বছৰ মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰিছিল।

লংকি ফাংছ’ সেই সময়ত অবিভক্ত কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি পদত অধিষ্ঠিত হৈ দলীয় কাম কাজ নিষ্ঠাৰে দলৰ ভূমিকা পালন কৰি আহিছিল।

সেইসময়ত সভাপতিৰ দায়িত্ব লৈয়ে তেওঁৰ কাৰ্যকালত তেওঁৰ নেতৃত্বত বিধানসভা নিৰ্বাচনত কাৰ্বি আংলং জিলাখনত প্ৰথমবাৰৰ বাবে ইতিহাস সৃষ্টি কৰি ডিফু, বোকাজান আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰাই আনিবলৈ সক্ষম হৈছিল।

নিৰ্বাচিত বিধায়ক তথা জনপ্ৰতিনিধি এগৰাকীৰ বাবে নিজৰ সমষ্টিত গৈ যেনেদৰে গঞা ৰাইজৰ লগত মত বিনিময় কৰি সমষ্টিটোৰ জনসাধাৰণৰ অভাৱ অভিযোগ সমূহৰ খবৰ লৈ পূৰণ কৰিব লাগে সেই দায়িত্ব আৰু কৰ্ম কৰি গৈছিল বিধায়ক নিৰ্বাচিত নোহোৱাকৈয়ে এগৰাকী বিজেপিৰ কৰ্মী হিচাপে লংকি ফাংছ’ই ।

অৱশ্যে তেওঁ ৰাজনীতিত অহাৰ পূৰ্বে আই এছ প্ৰশাসনিক বিষয়া ৰূপে দায়িত্ব পালন কৰি সমাজ সেৱাৰ কৰ্মত নিয়োজিত হৈছিল। এজন প্ৰশাসনিক বিষয়াৰ দায়িত্ব পালন কৰি তেওঁ সৃষ্টিশীল আৰু গঠনমূলক কামত নিজকে জড়িত কৰি ভাল পাইছিল।

আনহাতে, সৰুকালত নিবনুৱা সমস্যা আৰু পৰিশ্ৰমৰ মৰ্যদা দিবলৈ গৈ হাওৰাঘাটৰ নিজ জন্মভূমি অককেৰেং কুলাই গাঁৱত থকা নিজ ঘৰৰ বাৰীৰ নেমু, আনাৰস, তামোল আদি বিক্ৰী কৰি নিজ উপাৰ্জনৰ পথ মুকলি কৰি লৈছিল ।

সৰুকালতেই  মহৰ পিঠিত বহি তেওঁ এলজাব্ৰা, ফিজিক্স, মেথমেথিক্সৰ ষ্টাডি কৰিছিল। বিজেপি দলত বহুলভাৱে চৰ্চিত হৈ থকা এটা বিষয়ে ইয়াত ঊল্লেখ কৰিব পাৰি যে যি সকলে কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছে তেওঁলোকৰহে বেছি দপদপনি বৃদ্ধি পাইছে।

কিন্তু যিসকল পুৰণি বিশুদ্ধ বিজেপি সেইসকল বিজেপি কৰ্মীক দলীয় নেতৃত্বই এলাগী কৰি ৰাখিছে। হাওৰাঘাট সমষ্টিটোৰ দাবীদাৰ লংকি ফাংছ’ই নিজৰ মত ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত কয় যে হাওৰাঘাট সমষ্টি ধানৰ বাবে উপযোগী। বাহো আছে,পাথৰো আছে পাৰখোৱাত । ইপিনে যমুনা নদীৰ বালি সঠিক কামত ব্যৱহাৰ কৰিলে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব । ইয়াৰ উপৰিও যমুনা নদীৰ পানী সঠিক কামত প্ৰয়োগ কৰিলে খেতিয়কৰ বহু উপকাৰ হ’ব । চামেলাংছ’ত আকৌ ঝাড়ুৰ বাবে বজাৰ আগবঢ়াব পাৰিলে শ্ৰমিক কৃষকৰ বাবে বহু উন্নয়ন হ’ব । সেয়ে বিজেপিৰ দলীয় নেতৃত্বই লংকি ফাংছ’ক যদি ২০২১ ৰ নিৰ্বাচনী টিকট প্ৰদান কৰে তেন্তে হাওৰাঘাট সমষ্টিৰ পৰা তেওঁ জয়ী হোৱাটো খাটাং বুলি তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে দাবী কৰে ।

ইপিনে হাওৰাঘাট সমষ্টিত শাসকীয় বিজেপি দলৰ বিধায়ক হিচাবে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী প্ৰাক্তন কংগ্ৰেছীয়ে। বিগত চাৰে চাৰি বছৰ ধৰি হাওৰাঘাটৰ বিধায়কৰূপে কাৰ্যনিৰ্বাহ কৰি থকা বিধায়ক জয়ৰাম ইংলেঙক লগ পাব বিচাৰিলে তেওঁক লগ পোৱাটো দূৰৰে কথা তেওঁক বেছি সংখ্যকে চিনিয়েই নাপায় বুলি কোৱাৰ লগতে আনকি তেওঁৰ ছাঁটোকে দেখিবলৈ পোৱা নাযায় বুলি একাংশ ৰাইজে অভিযোগ কৰে।

আনহাতে, ধুমকেতুৰ‌ দৰে হাওৰাঘাটত আহি দেখা দিয়া আৰু দলীয় নেতৃত্বই স্থানীয় প্ৰাৰ্থীক বঞ্চিত কৰি অন্য এখন ঠাইৰ পৰা আনি হাওৰাঘাটত টিকট দিয়া এনে এজন বিধায়কক পুনৰ এইবাৰৰ ২০২১ ৰ নিৰ্বাচনত দলীয় নেতৃত্বই প্ৰাৰ্থিত্ব দিলে কেৱল তীব্ৰ প্ৰতিবাদেই নহয় ভোট বৰ্জনো কৰা হ’ব বুলি স্থানীয় একাংশ লোকে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে ।

বৰ্তমানৰ বিধায়কজনে বুথ কমিটী, মণ্ডল কমিটি আৰু তৃণমূল পৰ্য্যায়ৰ কৰ্মকৰ্তাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে বুলি বুথ লেভেল কাৰ্যকৰ্তাই অসন্তুষ্ট প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd