ভোটগ্ৰহণৰ বাবে সাজু বাক্সা নিৰ্বাচন জিলা : ২৭ টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব কেৱল মহিলা বিষয়াই

Untitled

অহা ৬ এপ্ৰিলত  ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে বাক্সা জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷

জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৫৮ নং তামুলপুৰ, ৬২ নং বৰমা আৰু ৬৩ নং চাপাগুৰি সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷

জিলাখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৭৮৮ টা৷ ইয়াৰে ১১৩ টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে।

স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত যাতে শান্তিপুৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে বিশেষ নিৰপত্তাৰ ব্যবস্থা কৰা বুলি জানিব দিয়ে উপায়ুক্ত ৰঞ্জন শৰ্মাই।

আনাফালে জিলাখনৰ তিনিওটা সমষ্টিত মহিলাৰ দ্বাৰা পৰিচালিত ২৫ ভোটগ্ৰহণ কেন্দ্ৰ আছে।

প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰতে কোভিড প্ৰট’ক’লৰ বিশেষ ব্যবস্থা লোৱা হৈছে।

জিলাখনৰ ৫,৩৩,৫৯৪ গৰাকী ভোটাৰে ২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।