কন্যা সন্তানৰ সুৰক্ষা আৰু শিক্ষাৰ বাবে গণ সজগতা; পশ্চিমবংগৰ পৰা পৰশুৰামকুণ্ডলৈ চাইকেল যাত্ৰা

ফটো: নৰ্থইষ্ট নাও।

কন্যা সন্তানৰ সুৰক্ষা আৰু শিক্ষাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পশ্চিম বংগৰ গংগাসাগৰৰ পৰা চাইকেল চলাই পৰশুৰাম কুণ্ডলৈ বুলি যাত্ৰা কৰা বলোৰাম নাথ আহি যোৱা নিশা বোকাখাতত উপস্থিত হৈছেহি৷ শিলিগুৰিৰ ভিচন অৱ টিচাৰ নামৰ এক সংগঠনৰ সদস্য বলোৰাম নাথে ১৫ আগষ্টত তেওঁৰ এই চাইকেল যাত্ৰা আৰম্ভ কৰি ১৫ দিনৰ পিচত বোকাখাতত উপস্থিত হয় ৷

যোৱা নিশা বোকাখাতত উপস্থিত হোৱা চাইকেল আৰোহী বলোৰাম নাথক বোকাখাত নাট্যমন্দিৰ প্ৰাংগনত আদৰণি জনোৱা হয় ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ পৰিচালনাত আয়োজিত এক বিশেষ সভাত বোকাখাত পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ প্ৰাঞ্জল বৰুৱাই এখন গামোচাৰে চাইকেল আৰোহী বলেৰাম নাথক বোকাখাতলৈ আদৰণি জনায় ৷

লগতে পঢ়ক: শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথত দ’ খাৱৈত বাগৰি দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছ; আহত কেইবাজনো যাত্ৰী

অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াও উপস্থিত থাকে ৷

আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নমামি ব্ৰহ্মপুত্ৰ, নমামি গংগা শীৰ্ষক এই চাইকেল যাত্ৰাৰ সময়ত বলেৰাম নাথে বিভিন্ন স্থানত পথ সভা পাতি জনসাধাৰণৰ মাজত কন্যা সন্তানৰ অধিকাৰ, নিৰাপত্তা, শিক্ষা আৰু বাল্য বিবাহ বন্ধ কৰাৰ বাবে সজাগতা সৃষ্টি কৰি আহিছে ৷

লগতে পঢ়ক: Gautam Adani: ২০২২ চনত উপাৰ্জন ৪.৭৯ লাখ কোটি! বিশ্বৰ তৃতীয় ধনী ব্যক্তি এতিয়া গৌতম আদানি

নিশাটো বোকাখাতৰ আৱৰ্ত ভৱনত কটাই বলোৰাম নাথে আজি পুৱাতেই মৰিয়নী হৈ পৰশুৰাম কুণ্ডলৈ বুলি চাইকেল যাত্ৰা আৰম্ভ কৰে ৷

উল্লেখ্য যে তৃতীয়বাৰৰ বাবে চাইকেল যাত্ৰা কৰা বলোৰাম নাথে তেওঁ শৈশৱ কালত মৰিয়ণিৰ ৰেল’ৱে স্কুল আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল ৷ বায়ুসেনা বিভাগৰ বিষয়া হিচাবে কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ শিলিগুৰিতে শিক্ষকতা আৰম্ভ কৰি শিলিগুৰিতে নিগাজীকৈ থাকিবলৈ লোৱাৰ লগতে কন্যা সন্তানৰ সুৰক্ষা আৰু শিক্ষাৰ বাবে কাম আৰম্ভ কৰে ৷

লগতে পঢ়ক: Fight in Flight: মধ্য আকাশতে কাজিয়াত লিপ্ত দুই পাইলট; অৱশেষত দুজনেই নিলম্বিত

পশ্চিম বংগৰ সুন্দৰবন এলেকাতো তেওঁ বাল্য বিবাহ বন্ধ কৰা আৰু কন্যা সন্তানৰ সুৰক্ষাৰ বাবে কাম কৰি আছে ৷ গাংগা সাগৰৰ পৰা চলোৱা তেওঁৰ এই চাইকেল যাত্ৰাৰ সময়ত বলোৰাম নাথে মুঠ ২৪০০ ৰো অধিক কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰিব ৷