এসময়ৰ জনপ্ৰিয় টিভি শ্ব’ বালিকা বধুৰ এপিছ’ড পৰিচালক এতিয়া শাক-পাচলি বিক্ৰেতা

সংগৃহীত ফটো

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰ আৰু তাৰ পিছত দেশজুৰি বলৱৎ কৰা লকডাউনে হাজাৰ হাজাৰ লোকৰ জীৱন পৰিক্ৰমা সলনি কৰি দিছে।

ইয়াৰ ব্যতিক্ৰম নহয় যোৱা তিনি মাহ ধৰি বন্ধ হৈ থকা টিভি আৰু ফিল্ম ইণ্ডাষ্ট্ৰিও। যাৰ ফলত এই ইণ্ডাষ্ট্ৰি দুটাৰ সৈতে জড়িত বিভিন্ন লোক গভীৰ বিত্তীয় সংকটত পৰিছে।

এসময়ৰ জনপ্ৰিয় টিভি শ্ব’ ‘বালিকা বধু’ৰ অন্যতম পৰিচালক ৰাম ব্ৰিকছা গৌৰেও জীৱন-জীৱিকাৰ বাবে এতিয়া উত্তৰ প্ৰদেশৰ আজমগড়ত শাক-পাচলি বিক্ৰী কৰি আছে। এই খবৰ এতিয়া চৰ্চাৰ শীৰ্ষত।

আই এ এন এছে প্ৰকাশ কৰা এই বাতৰিত গৌৰে কয়, “এখন চিনেমাৰ কামত আজমগড়লৈ আহিছিলো। যেতিয়া লকডাউন ঘোষণা কৰে তেতিয়া আমি তাতেই আছিলো আৰু মুম্বাইলৈ ঘূৰি যোৱাৰ সকলো পথ বন্ধ হ’ল’।

তেওঁ লগতে কয়, “আমি যি প্ৰজেক্টত কাম কৰি আছিলো সেইটো বন্ধ হ’ল আৰু প্ৰযোজকে ক’লে কামটো পুনৰ আৰম্ভ হ’বলৈ এবছৰ বা তাতকৈও বেছি সময় লাগিব পাৰে। সেয়ে মই দেউতাৰ শাক-পাচলিৰ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লো”।

ইয়াৰ উপৰি পৰিচালক গৰাকীয়ে তেওঁৰ এই ব্যৱসায়ক লৈ কোনো আপত্তি তথা আক্ষেপ নাই বুলিও উল্লেখ কৰে।

ইফালে মুম্বাইত কিদৰে সংস্থাপিত হৈছিল সেই কথাও সাংবাদিক গৰাকীৰ আগত উল্লেখ কৰি তেওঁ কয়, “মোৰ বন্ধু আৰু লেখক চাহনাৱাজ খানৰ সহায়ত মই ২০০২ চনত মুম্বাইলৈ আহিছিলো। প্ৰথমতে মই টিভি শ্ব’ৰ লাইট আৰু পিছত প্ৰডাকশ্যন বিভাগত কাম কৰিছিলো”।

“ইয়াৰ পিছত কেইখনমান ছিৰিয়েলত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ পিছত ‘বালিকা বধু’ৰ এপিছ’ড পৰিচালক আৰু য়ুনিট পৰিচালক হিচাপে কাম কৰো’, জনাই গৌৰে।

উল্লেখ্য যে ৰাম ব্ৰিকছাই বলিউডৰ জনপ্ৰিয় পৰিচালক য়াছপাল শৰ্মা, মিলিন্দ গুনাজি, ৰাজপাল যাদৱ, ৰনদীপ হুডা আৰু সুনীল চেট্টীৰ লগতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।