শোণিতপুৰত স্বাধীনতা সংগ্ৰামী সকলৰ অৰিহণাক ৰাইজৰ মাজত প্ৰকাশৰ উদ্দেশ্যে বাটৰ নাট

শোণিতপুৰ জিলাৰ বালিপৰাত আজি দান উৎসৱৰ সৈতে সংগতি ৰাখি এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ‘স্পেড লাভ এণ্ড পীচ’ নামৰ স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত বালিপৰা চেণ্টাৰত বালিপৰা এলিট একাডেমিৰ ছাত্র-ছাত্রীসকলৰ দ্বাৰা এই বাটৰ নাটখনি প্ৰদৰ্শন কৰা হয়।

উল্লেখযোগ্য যে মুক্ত ভাৰতৰ কামনা কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত অৰিহণা যোগোৱা স্বাধীনতা সংগ্ৰামী সকলৰ অৰিহণাক ৰাইজৰ মাজত প্ৰকাশ কৰাৰ উদ্দেশ্যেৰে এই বাটৰ নাটখনি প্ৰদৰ্শন কৰা হয়।

ছাত্র-ছাত্রীসকলে মহাত্মা গান্ধী, সৰোজনী নাইডু ,কনকলতা ,বীৰ লাচিতকে আদি কৰি মহান সংগ্ৰামীসকলৰ ভাৱত অভিনয় কৰি বাটৰ নাট, পথ ৰেলী অনুষ্ঠিত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে।

সংগঠনটোৰ কৰ্মকৰ্তা জেফৰিন আখতাৰে জনোৱা অনুসৰি অসমৰ প্ৰথমবাৰৰবাবে অনুষ্ঠিত দান উৎসৱৰ জৰিয়তে মহান স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰি ৰাইজক অৱগতকৰণৰ বাবে সংগঠনটোৱে এনে পদক্ষেপ গ্ৰহণ কৰিছে।

তদুপৰি প্ৰতিবছৰে ২ অক্তেবৰৰপৰা ৮ অক্তোবৰলৈকে সমগ্ৰ ভাৰততে দান উৎসৱ পালন কৰা হয়। সেয়ে দান উৎসৱৰ লগত সংগতি ৰাখি এনে সজাগতামূলক কাৰ্যসূচী সংগঠনটোৱে আজিৰেপৰা শুভাৰম্ভ কৰিছে আৰু পৰ্যায়ক্ৰমে বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্রীক লৈ ৮ অক্তোবৰলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।