সংৰক্ষিত ৰাষ্ট্ৰীয় প্ৰাণী হিচাপে ঘোষণা কৰিব লাগে গৰুক! মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ
ভাৰতবৰ্ষত সকলোধৰণৰ গো-হত্যা নিষিদ্ধ কৰিব লাগে। লগতে গৰুক সংৰক্ষিত ৰাষ্ট্ৰীয় প্ৰাণী হিচাপেও ঘোষণা কৰিব লাগে। এই মন্তব্য কৰিছে দেশৰ এখন উচ্চ ন্যায়ালয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ছামিম আহমেদৰ বিচাৰপীঠে গৰু হত্যা আৰু বিক্ৰীৰ সংক্ৰান্তীয় এক শুনানি গ্ৰহণ কৰি এইদৰে কয়।
উল্লেখ্য যে মহম্মদ আব্দুল খালিক নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে গৰু চালান আৰু গো মাংস বিক্ৰীৰ অভিযোগত উত্তৰ প্ৰদেশৰ গৰু বধ প্ৰতিৰোধ আইন, ১৯৫৫ৰ ধাৰা ৩/৫/৮ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। অভিযুক্ত মহম্মদ আব্দুল খালিকে এই গোচৰৰ পৰা সকাহ বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।
কিন্তু ন্যায়ালয়ৰ চি আৰ পি চি ধাৰা ৪৮২ৰ এই আবেদনখন খাৰিজহে কৰে। মহম্মদ আব্দুল খালিকক গো-মাংস কঢ়িয়াই নিয়াৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছিল। ন্যায়ালয়ে আবেদনখন খাৰিজ কৰি কয় যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু হিন্দু ধৰ্মক সন্মান কৰা উচিত। গৰু হৈছে হিন্দু ধৰ্মৰ ভগৱানৰ প্ৰতিনিধি।
শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ছামিম আহমেদে লগতে কয় যে হিন্দু দেৱতাসকলৰ সৈতে বিভিন্ন ধৰণেৰে জড়িত হৈ আছে গৰু। সেয়ে হিন্দু ধৰ্মৰ সন্মানাৰ্থে গো হত্যা নিষিদ্ধ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে গৰুক সংৰক্ষিত ৰাষ্ট্ৰীয় প্ৰাণী হিচাপেও ঘোষণা কৰিব লাগে।
ন্যায়াধীশ ছামিম আহমেদে লগতে কয়, “গৰু হৈছে হিন্দুসকলৰ ঐশ্বৰিক আৰু প্ৰাকৃতিক মঙ্গলৰ প্ৰতিনিধি। গো-হত্যা কৰা আৰু হত্যা কৰোৱা লোকসকল নৰকলৈ যায়। ভগৱান শিৱ, ইন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰে ঘণিষ্ঠভাৱে জড়িত গৰু।” তেওঁ লগতে কামধেনু গৰু সকলো প্ৰাণীৰ ভিতৰতে আটাইতকৈ পৱিত্ৰ জন্তু বুলিও উল্লেখ কৰে।
এলাহবাদ উচ্চ ন্যায়ালয়ৰ এই মন্তব্যৰ পাছতে এতিয়া দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেও ২০২১ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে বুলি কৈ সংবাদ শিৰোনাম দখল কৰিছিল।
ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে হিন্দু ধৰ্ম অনুসৰি গৰুৰ শৰীৰত ৩৩ গৰাকী বিভিন্ন হিন্দু দেৱ-দেৱীৰ বাস কৰে বুলি মন্তব্য কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই গৰুৰ ভৰিৰ পৰাই সকলো জ্ঞান লাভ কৰিছিল বুলিও তেওঁ উল্লেখ কৰিছিল।