NORTHEAST NOW (Assamese)

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মুছলমানৰ দোকান নিষিদ্ধ কৰক : দাবী সন্ত-মহন্তৰ

January 13, 2025 1:00 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে মহাকুম্ভমেলা। ইতিমধ্যে লাখ লাখ ভক্তৰ সমাগম হৈছে উক্ত তীৰ্থস্থানলৈ। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে চৰকাৰে।

ইয়াৰ মাজতে সৃষ্টি হৈছে আন এক সাম্প্ৰদায়িক বিতৰ্কৰ। মহাকুম্ভ মেলাত অহিন্দু লোকে দোকান খোলাৰ বিৰোধিতা কৰিছে একাংশ সন্ত-মহন্তই।

এই ক্ষেত্ৰত হৰিদ্বাৰৰ পৰা অহা সন্তসকলৰ গোট অখিল ভাৰতীয় আখৰা পৰিষদৰ এটা দলে এই সতৰ্কবাণী প্ৰদান কৰিছে।

আখৰাৰ মুৰব্বী ৰবীন্দ্ৰ পুৰীয়ে কয় যে শেহতীয়াকৈ প্ৰয়াগৰাজত অখিল ভাৰতীয় আখৰা পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। পুৰীয়ে কয়, এতিয়া চৰকাৰে সিদ্ধান্ত লব কোনে দোকান খুলিব পাৰে। তেওঁ সকীয়াই দিয়ে যে কুম্ভমেলাত যদি অহিন্দুসকলে খাদ্য বিক্ৰী কৰে তেন্তে সনাতন ধৰ্মৰ অনুগামীসকল নীৰৱ দৰ্শকঽৈ নাথাকে।

পুৰীয়ে লগতে কয় যে নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা মহাকুম্ভলৈ অহা তীৰ্থযাত্ৰীসকলক মেলাত প্ৰৱেশ কৰাৰ পূৰ্বে চিনাক্ত কৰিব লাগে। আমি স্পষ্টকৈ কব বিচাৰো যে কোনো মুছলমানে মেলা চৌহদত দোকান খুলিব নোৱাৰিব।

তেওঁ আৰু কয় যে, ইচ্ছাকৃতভাৱে কোনো অহিন্দু লোকে ফলৰ ৰস, ফলমূল আৰু অন্যান্য খাদ্য বিক্ৰী কৰাবিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত।

Related News