বাংলাদেশ-ভাৰত-ভুটান-নেপাল যান-বাহন চুক্তিয়ে সমৃদ্ধ কৰিব অৰ্থনীতি

Bangladesh, Bhutan, India, Nepal Motor Vehicles Agreement to benefit four countries

প্ৰতিনিধিত্বমূলক ছবি

বাংলাদেশ, ভাৰত, ভুটান, নেপাল মটৰ বাহন চুক্তি (BBIN MVA)য়ে দেশকেইখনৰ অৰ্থনীতি সমৃদ্ধ কৰিব, ঢাকাত এক ছেমিনাৰত বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

চলিত সপ্তাহতে অনুষ্ঠিত ছেমিনাৰখনত অংশগ্ৰহণকাৰী বিশেষজ্ঞসকলে চুক্তিখনক দৃঢ়তাৰে সমৰ্থন কৰা দেখা গৈছে।

২০১৫ চনৰ জুনতে চুক্তিখনৰ ফ্ৰে’মৱৰ্ক এগ্ৰীমেণ্ট স্বাক্ষৰিত হৈছিল যদিও ইয়াৰ ৰূপায়ণ হ’বলৈ এতিয়াও বাকী।

পৰ্য্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ, বিধি-বিধানগত পাৰ্থক্য আৰু স্বাক্ষৰকাৰীসকলৰ মাজত আস্থাৰ অভাৱ আদি বিভিন্ন কাৰণত চুক্তিখন ৰূপায়ণত পলম হৈছে।

CUTS Internationalৰ কাৰ্য্যবাহী সঞ্চালক বিপুল চেটাৰ্জীয়ে নৰ্থইষ্ট নাওক কয়, চুক্তিখনে দেশকেইখনৰ অৰ্থনীতিক প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়ো ৰকমে উপকৃত কৰিব।

“ৰাষ্টা নিৰ্মাণ আৰু ট্ৰেফিক নিয়মৰ সামান্য বিনিময়ৰ কাৰ্য্যসূচীতকৈ দূৰলৈ চোৱাৰ এক জৰুৰী গুৰুত্ব আছে,” চেটাৰ্জীয়ে কয়।

চেটাৰ্জীৰ মতে, দেশকেইখনৰ অৰ্থনৈতিক ঐক্য সাধনৰ মাজত প্ৰচণ্ড সম্ভাৱনা লুকাই আছে।

কিন্তু, সেই “আচল সম্ভাৱনা” মুকলি কৰাৰ বাবে, চেটাৰ্জীৰ মতে, “(চুক্তিখনক) যথাযথ বিধি, ব্যক্তি, ব্যৱসায় আৰু চৰকাৰৰ মাজত বিত্তীয় আৰু ডিজিটেল সংযোগৰ সৈতে সক্ষম কৰি তোলা উচিত।”

সীমান্তত অনুমতিৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা মন্থৰ আৰু জঁট লগা নথিজনিত কামৰ বাবেও সীমা চকীসমূহত যান-জঁটৰ সৃষ্টি হয়, চেটাৰ্জীয়ে কয়।

২০১৫ চনত ফ্ৰে’মৱৰ্ক চুক্তি স্বাক্ষৰ হোৱাৰ সময়ত ইয়াক দক্ষিণ এছিয়াৰ আঞ্চলিক যোগাযোগৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি বুলি অভিহিত কৰা হৈছিল।

আটাইকেইখন দেশৰ পৰিবহণ মন্ত্ৰীসকলে ভুটানৰ থিম্পুত এই চুক্তিত স্বাক্ষৰ কৰিছিল।

এই চুক্তিখনৰ জৰিয়তে অঞ্চলটোত যাত্ৰী আৰু মাল-বস্তুৰ মসৃণ যাতায়াত সুনিশ্চিত কৰিব খোজা হৈছে।