অৱশেষত ঘোষণা কৰা হ’ল এছিয়া বনাম বিশ্ব একাদশৰ মাজৰ খেলৰ দল দুটা

Virat-Kohli-and-KL-Rahul

বাংলাদেশত বংগবন্ধু মজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অহা ১৮ আৰু ২১ মাৰ্চত এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজত দুখন প্ৰদৰ্শনীমূলক টী-২০ মেচৰ আয়োজন কৰা হৈছে।

বাংলাদেশৰ শেৰ-ই- বাংলা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ দুখন।

মঙলবাৰে বাংলাদেশ ক্ৰিকেট বোৰ্ড (বিচিবি)ৰ ফালৰ পৰা দল দুটাৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰা হৈছে।

এছিয়া একাদশত থাকিব বিৰাট কোহলি। বিচিবিয়ে কোহলি বাংলাদেশলৈ খেলিব আহিব বুলি জনাইছে যদিও এইক্ষেত্ৰত বিচিচিআইৰ সেউজ সংকেতৰ অপেক্ষা কৰিছে দেশখনে।

তদুপৰি, বিৰাটে অধিনায়কত্ব কৰিবনে সেয়াও চূড়ান্ত নহয়। কেবল কোহলিয়েই নহয়, এছিয়া একাদশত স্থান লাব কৰিছে ভাৰতীয় ক্ৰিকেটাৰ লোকেশ ৰাহুল, শিখৰ ধাৱান, ঋষভ পন্ট. কুলদীপ যাদব আৰু মহম্মদ ছামীয়ে।

আনহাতে, বিশ্ব একাদশৰ নেতৃত্ব দিব ফেফ ডুপ্লেছিয়ে। লগতে দলটোত থাকিব ক্ৰিছ গেইল, কিৰেন পোলাৰ্ড, নিকোলাছ পোৰান, এলেক্স হেলছৰ দৰে তাৰকা।

এছিয়া একাদশৰ সম্ভাৱ্য দলটোত আছে বিৰাট কোহলি, লোকেশ ৰাহুল, শিখৰ ধাৱান, ঋষভ পন্ট. কুলদীপ যাদব, মহম্মদ ছামী, তামিম ইকবাল, লিটন দাস, মুছফিকুৰ ৰহিম, থুছৰা পেৰেৰা, ৰছিদ খান, মুস্তাফিজুৰ ৰহমান, সন্দীপ লামিচানে, লাচিথ মালিংগা আৰু মজিবুৰ ৰহমান।

সেইদৰে বিশ্ব একাদশৰ দলত আছে ফেফ ডুপ্লেছি, ক্ৰিছ গেইল, কিৰেন পোলাৰ্ড, নিকোলাছ পোৰান, এলেক্স হেলছ, ৰ’ছ টেইলৰ,জনি বেয়াৰষ্টো, আদিল ৰছিদ, ছেলডন কটৰেল, লুংগি এনগিডি, এণ্ড্ৰু টাই আৰু মিচেল মেকক্লেনাঘন।

সূত্ৰ মতে, আয়োজকসকলে বিৰাট কোহলিক দুয়োখন মেচৰ বাবেই বিচাৰিছিল যদিও ভাৰতীয় দলৰ ব্যস্ত সূচীৰ বাবে বিৰাটে এখন মোচতহে খেলিব পাৰে।