বে’ অভেলত এবাডট ধুমুহা, বাংলাদেশৰ ঐতিহাসিক জয়

Bangladesh

বুধবাৰে মাউণ্ট মাউনগানুইৰ বে’ অভেলত এক ইতিহাস ৰচনা কৰিলে বাংলাদেশে। বিশ্ব টেষ্ট চেম্পিয়ন নিউজিলেণ্ডক আঠ উইকেটত পৰাস্ত কৰি এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে বাংলাদেশে।

এই ঐতিহাসিক জয়ৰ বাবে ভ্ৰমণকাৰী বাংলাদেশক দ্বিতীয় ইনিংছত মাত্ৰ ৪০ ৰাণৰ প্ৰয়োজন আছিল আৰু দুটা উইকেট হেৰুৱাই স্বপ্নৰ বিজয় কঢ়িয়াই আনে।

নিউজিলেণ্ডৰ প্ৰথম ইনিংছত ৩২৮ ৰাণৰ প্ৰত্যুত্তৰত বাংলাদেশে ৪৫৮ ৰান সংগ্ৰহ কৰি ১৩০ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছিল। ইয়াৰ পিছতে নিউজিলেণ্ডৰ দ্বিতীয় ইনিংছ মাত্ৰ ১৬৯ ৰানতে সমাপ্ত কৰি বহু আকাঙ্খিত জয় নিশ্চিত কৰিছিল বাংলাদেশে।

চতুৰ্থ দিনৰ অন্তত ৫ উইকেটত ১৪৫ ৰানৰ পৰা ইনিংছ আৰম্ভ কৰি নিউজিলেণ্ডে আজি প্ৰথম ছেচনতে ১৬৯ ৰানত অল আউট হয়। নিউজিলেণ্ডৰ এই বিপৰ্যয়ৰ মূলতে আছিল বাংলাদেশৰ বেগী বলাৰ এবাডট হুছেইন।

কেৰিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ৬ টাকৈ উইকেট দখল কৰি নিউজিলেণ্ডৰ বেটিং ক্ৰম একপ্ৰকাৰ থান-বান কৰি পেলায় হুছেইনে। তাস্কিন আহমেদে ৩ টা আৰু মেহদী হাছানে আনটো উইকেট দখল কৰে।

নিউজিলেণ্ডৰ হৈ অপেনাৰ উইল ইয়ঙে সৰ্বাধিক ৬৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰছ টেইলৰে ৪০ ৰানৰ বৰঙণি আগবঢ়ায়।

আনহাতে ৪০ ৰানৰ সহজ লক্ষ্য আগত লৈ বাংলাদেশে ছাদমান ইছলাম (৩) আৰু নাজমূল হুছেইন চাণ্টো (১৭) ৰ উইকেট হেৰুৱাই ঈপ্সিত লক্ষ্যত উপনীত হয়।

উল্লেখ্য যে এই জয়েৰে বাংলাদেশে টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ী সোৱাদ পালে। তদুপৰি ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেট মিলাই নিউজিলেণ্ডৰ মাটিত বাংলাদেশৰ এইয়া প্ৰথম জয়।

লগতে আইচিচি ৰেংকিঙৰ শীৰ্ষ পাঁচটা স্থানত থকা এটা দলৰ বিৰুদ্ধে ভ্ৰমণকাৰী দল হিচাপে প্ৰথম জয় সাব্যস্ত কৰিলে বাংলাদেশে। এই জয়েৰে ১২ টা গুৰুত্বপূৰ্ণ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ পইণ্ট লাভ কৰিলে বাংলাদেশে।

তদুপৰি যোৱা চাৰি বছৰত ঘৰুৱা টেষ্টত নিউজিলেণ্ডৰ ১৬ খন মেচত অপৰাজেয় ধাৰা ভংগ কৰিলে বাংলাদেশে।

মেচখনত মুঠ ৭ টা উইকেট দখল কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এবাডট হুছেইন মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট ৯ জানুৱাৰীৰ পৰা ক্ৰিষ্টচাৰ্ছত অনুষ্ঠিত হ’ব।