বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নৰেন্দ্ৰ মোদী, মমতা বেনাৰ্জী আৰু বিপ্লৱ দেবলৈ পঠালে আম

Mangoes to Modi & mamata

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ বাবে আম প্ৰেৰণ কৰিছে।

দেওবাৰে নৰেন্দ্ৰ মোদী আৰু মমতা বেনাৰ্জীলৈ উপহাৰ হিচাপে ২ হাজাৰ ৬০০কেজি বতৰৰ ফল এই আম পঠোৱা হৈছে।

বেনাপ’ল চেকপ’ষ্টৰ নো মেনছ লেণ্ডত এই উপহাৰৰ আমৰ পেকেট কলকাতাত থকা বাংলাদেশৰ উপ দূতাবাসৰ প্ৰধান সচিব ছানিউল কাদেৰক হস্তান্তৰ কৰা হয়।

বেনাপ’ল কাষ্টম হাউছৰ উপ আয়ুক্ত অনুপম চাকমাই জানিবলৈ দিয়ে যে বাংলাদেশ চৰকাৰৰ উপহাৰৰ এই আমখিনি পুৱাই বেনাপ’ল বন্দৰত আহি পোৱাৰ পাছত ক্ষিপ্ৰতাৰে আনুষ্ঠানিকতা সম্পন্ন কৰি ভাৰতলৈ প্ৰেৰম কৰা হয়।

আনহাতে, সোমবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ বাবেও বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আম প্ৰেৰণ কৰিছে।

সোমবাৰে দুপৰীয়া ব্ৰাক্ষ্মণবাড়িয়াৰ আখাউৰা স্থলবন্দৰেদি এই আম পঠোৱা হয়। বিপ্লৱ দেবলৈ মুঠতে ২০টা কাৰ্টনত ৩০০কেজি আম প্ৰেৰণ কৰা হৈছে।

আমখিনি আগৰতলাত বাংলাদেশৰ উচ্চায়ুক্তৰ জৰিয়তে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীলৈ পঠোওৱা হৈছে।

বাংলাদেশ আৰু ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাৰ বাৰ্তাৰে এইদৰে সৌজন্যমূলকভাৱে বতৰৰ ফল আম প্ৰেৰণ কৰা বুলি কোৱা হৈছে।