ভাৰতৰ ২৫ বছৰীয়া যুৱতী আয়েশাই টোপনি হৰিছে ঢাকা আৰক্ষীৰ

Ayesha

যুৱতী গৰাকীৰ নাম আয়েশা জান্নাত মোহানা। অৱশ্যে ২০০৯ চনৰ আগলৈকে তেওঁৰ নাম আছিল প্ৰজ্ঞা দেৱনাথ।

এই গৰাকী আয়েশাই এতিয়া টোপনি হৰিছে বাংলাদেশৰ ঢাকা আৰক্ষীৰ।

সাধাৰণ দৃষ্টিত আয়েশা এগৰাকী শিক্ষয়িত্ৰী। সেই ফালৰ পৰা তেওঁকলৈ আৰক্ষী হায়ৰাণ হ’বলগীয়া একো নাই।

কিন্তু লোকক দেখুৱাই শিক্ষয়িত্ৰী হ’লেও আয়েশাৰ সম্পৰ্ক আছে বাংলাদেশৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন জামাত উল মুজাহিদিন বাংলাদেশৰ সৈতে।

পশ্চিম বংগৰ হুগলী জিলাৰ ধনিয়াখালিৰ কেশৱপুৰ গাঁৱৰ বাসিন্দা আয়েশা।

এটা হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা আয়েশাৰ প্ৰকৃত নাম প্ৰজ্ঞা দেৱনাথ।

২০০৯ চনত ইছলামিক আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ ইছলামলৈ ধৰ্মান্তৰিত হৈছিল আৰু নাম লৈছিল আয়েশা বুলি।

ইয়াৰ পিছত জে এম বিৰ মহিলা শাখাৰ মুৰব্বী আছমা খাতুনৰ সান্নিধ্যলৈ আহিছিল আৰু ২০১৬ চনত ভুৱা বাংলাদেশী পৰিচয়ৰে ঢাকাৰ সদৰপুৰত থাকিবলৈ লৈছিল।

তাতেই তেওঁ মাদ্ৰাছা এখনত শিক্ষয়িত্ৰী হিচাবে কাম কৰিবলৈ লোৱাৰ লগতে জামাত উল মুজাহিদিন বাংলাদেশৰ হৈয়ো কাম কৰিবলৈ ধৰে।

আয়েশাৰ কাম হ’ল ভাৰতৰ পৰা মহিলা-যুৱতীক বাংলাদেশলৈ নি জে এম বিত যোগদান কৰোৱা।

এনেদৰে বহু ভাৰতীয় মহিলা-যুৱতীক নানান প্ৰলোভন দি সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰোৱা আয়েশা অৱশেষত ঢাকা আৰক্ষীৰ জালত পৰিল।

সদৰপুৰঘাট অঞ্চলৰ পৰা ঢাকা আৰক্ষীয়ে আয়েশাক গ্ৰেপ্তাৰ কৰে।সম্প্ৰতি ঢাকাৰ মতিঝিল থানাত আয়েশাৰ চলিছে জেৰা।