হাছিনাৰ পদত্যাগৰ কোনো নথি নাই! বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ মন্তব্যৰ কি প্ৰত্যুত্তৰ আইনী উপদেষ্টাৰ?

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিন আৰু ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ফাইল ফটোঃ সংগ্ৰহীত।

ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে কৰা মন্তব্যক লৈ বাংলাদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বহু বিচাৰ-খোচাৰ পিছতো শ্বেখ হাছিনাৰ পদত্যাগৰ পত্ৰ নাপালে বুলিও কয় ছাহাবুদ্দিনে। তেওঁ লগতে কয় যে ধাৰণা হয় হাছিনাই পদত্যাগ পত্ৰ জমা দিবলৈ সময় নাপালে।

তেওঁৰ এই মন্তব্যক লৈ চুবুৰীয়া দেশখনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। হাছিনাই দেশ এৰি যোৱাৰ পিছত তেওঁৰ পুত্ৰ ছজিব আহমেদ জয়েও হাছিনাই পদত্যাগ নকৰা বুলি দাবী কৰে। ছাহাবুদ্দিনৰ কথাৰ অৰ্থ হ’ল হাছিনাই এতিয়াও কাগজে-পত্ৰই বাংলাদেশৰ প্ৰধানমন্ত্ৰী। আৰু তত্বাৱধায়ক চৰকাৰখন অবৈধ।

ছাহাবুদ্দিনৰ মন্তব্য ওলোৱাৰ পিছতে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লয় তত্বাৱধায়ক চৰকাৰৰ আইনী উপদেষ্টা অধ্যাপক আছিফ নাজৰুলে। তেওঁ স্পষ্ট কৰে যে ছাত্ৰ-জনতা আন্দোলনত ক্ষমতাচ্যুত হোৱা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ সন্দৰ্ভত ৰাষ্ট্ৰপতি ছাহাবুদ্দিনে দিয়া মন্তব্য ‘মিছা’।

লগতে পঢ়কঃ দিল্লী বিমানবন্দৰত যুৱতীৰ জিম্মাৰ পৰা উদ্ধাৰ ১৫ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ

তেওঁৰ ভাষাত ৰাষ্ট্ৰপতিয়ে নিজেই ৫ আগষ্টৰ নিশা ১১:২০ বজাত তিনিজন সেনা প্ৰধানক লৈ দেশবাসীক জনাইছিল যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পদত্যাগ পত্ৰ তেওঁক জমা দিছে আৰু তেওঁ সেই পত্ৰ গ্ৰহণ কৰিছে। গতিকে তেওঁৰ শেহতীয়া মন্তব্য তেওঁৰ শপত উলংঘাৰ প্ৰমাণ।

‘মানব জমিন’ কাকতৰ ৰাজনৈতিক আলোচনী ‘জনতা চোখ’ৰ সৈতে এক দীঘলীয়া সাক্ষাৎকাৰ দিছে ছাহাবুদ্দিনে। দেওবাৰে সেয়া প্ৰকাশ পাইছে। ৫ আগষ্টত হাছিনাই দেশ এৰি গুচি যায়। ছাহাবুদ্দিনে সেইদিনাৰ ঘটনাৰ ওপৰত আলোকপাত কৰিছে।

তেওঁৰ ভাষাত “সেইদিনা পুৱা ১০:৩০ বজাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ ফোন আহে। তাত কোৱা হয় যে প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিব বিচাৰে। তেনেকৈয়ে আৰম্ভ হয় প্ৰস্তুতি। প্ৰায় এঘণ্টাৰ পিছত এটা ফোনত প্ৰধানমন্ত্ৰী নাহে বুলি কোৱা হয়।”

তাৰ পিছতে ৰাষ্ট্ৰপতি ছাহাবুদ্দিনে আৰু ডাঙৰ তথ্য ফাদিল কৰে। তেওঁ লগতে কয় যে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে প্ৰথমে টেলিভিছনত হাছিনাৰ পদত্যাগ ঘোষণা কৰিছিল। সেই ৱাকাৰেও হেনো তেওঁক কৈছিল, “হাছিনাৰ পদত্যাগৰ কথা মইও শুনিছো।”

লগতে পঢ়কঃ মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন লোকৰ মৃত্যু

ইয়াৰ পিছতে ৰাষ্ট্ৰপতিয়ে তত্বাৱধায়ক চৰকাৰৰ হৈ চাফাই দিছে। তেওঁ কয় যে মহম্মদ ইউনুছৰ নেতৃত্বত তত্বাৱধায়ক চৰকাৰ গঠনত কোনো অবৈধ কথা নাই। তেওঁৰ ভাষাত আচল কথাটো হ’ল প্ৰধানমন্ত্ৰীয়ে দেশ এৰি গৈছে। হাছিনাই দেশ এৰি যোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰিছিলোঁ। যোৱা ৮ আগষ্টত তেতিয়াৰ মুখ্য ন্যায়াধীশ ওবাইদুল হোছেইনে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিব পৰা যাব বুলি পৰামৰ্শ দিছিল।

তেওঁ জনাইছিল যে সাংবিধানিক সংকট অতিক্ৰম কৰাৰ পিছত এই চৰকাৰে নিজৰ প্ৰশাসনিক কৰ্তব্য সম্পূৰ্ণৰূপে পালন কৰিবলৈ সক্ষম হ’ব।