বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। লোকসভাত বিধেয়কখন গৃহীত হোৱাত বাংলাদেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে সংশোধনী বিধেয়কখন কিয় লাগে মই বুজি পোৱা নাই বুলি মন্তব্য কৰে।
বিধেয়কখন কেবল নিৰ্বাচন প্ৰসংগত নেকি?- মুখত হাঁহিলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে সাংবাদিকক ওলোটাই প্ৰশ্ন কৰে।
উল্লেখযোগ্য যে, বাংলাদেশত ধৰ্মীয় সংখ্য়ালঘুসকলে হাৰাশাস্তিৰ সন্মুখীন হয় বুলি দেখুৱাই বাংলাদেশক দোষী সাব্যস্ত কৰাৰ বাবেও ভাৰত চৰকাৰে বিধেয়কখন অনা নাই বুলি হাছিনাই কয়। ধৰ্মীয় সংখ্যালঘুসকল বাংলাদেশত কোনোধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা নাই, দুই এটা সৰু সুৰা ঘটনা সংঘটিত হয় যদিও তাক চৰকাৰে কঠোৰ হাতেৰে দমন কৰে বুলি বাংলাদেশৰ প্ৰধানমন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত কয়।
আনহাতে, ধৰ্মীয় সন্ত্ৰাসবাদ অকল বাংলাদেশৰ সমস্যা নহয় ই এক আন্তঃৰাষ্ট্ৰীয় সমস্যা হিচাপে উল্লেখ কৰি হাচিনাই ভাৰতবৰ্ষৰ মানুহেও বিধেয়কখনলৈ সন্তুষ্ট নহয় উল্লেখ কৰে। ভাৰতবৰ্ষই অস্থিৰতা সৃ্ষ্টি কৰিব পৰা কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে বুলি বিশ্বাসী বাংলাদেশৰ প্ৰধান মন্ত্ৰীগৰাকী।
তদুপৰি, সন্ত্ৰাসবাদ প্ৰসংগত নিজৰ মত ব্যক্ত কৰি বালংদেশে হাচিনাৰ নেতৃত্বত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে বুলি কয়। ভাৰতবৰ্ষৰ অসমকে ধৰি উত্তৰ-পূৱ অংশত সন্ত্ৰাসবাদ বিয়পাবলৈ চেষ্টা কৰা ভাৰতৰ বিছিন্নতাবাদী উগ্ৰপন্থী সংগঠন সমূহক বাংলাদেশে নিজৰ ভূমিৰ পৰা খেদি পঠিয়াইছে আৰু এয়া চুবুৰীয়া দেশখনৰ প্ৰতি বাংলাদেশ চৰকাৰৰ দায়বদ্ধতা হিচাপে অভিহিত কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।