• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ পৰা অনুপ্ৰৱেশ ৰুধিবলৈ বাংলাদেশে অধিক কটকটীয়া কৰিছে সীমান্তৰ পহৰা

ভাৰতৰ পৰা ইচ্ছা কৰিলেও ঘূৰি যাব নোৱাৰিব বাংলাদেশী!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2019 9:15 pm
Border Gaurd Bangladesh

প্ৰতিনিধিত্বমূলক ছবি।

986
VIEWS
Share on FacebookShare on Twitter

এন আৰ চি কেন্দ্ৰিক ভীতিৰ বাবে ভাৰতৰ পৰা কিছুমান লোক সীমান্তইদি বাংলাদেশত প্ৰৱেশ কৰাৰ কেইবাটাও ঘটনাৰ পিছতে দেশখনে ইয়াৰ সীমান্তৰ পহৰা অধিক কটকটীয়া কৰাৰ সিদ্ধান্ত লৈছে।

সীমান্তৰ পহৰা বৃদ্ধি কৰিবলৈ দেশখনৰ পৰৰাষ্ট্ৰ মন্ত্ৰ্যালয়ে স্বৰাষ্ট্ৰ মন্ত্ৰ্যালয়ক চিঠিৰে জনাইছে বুলি পৰৰাষ্ট্ৰ মন্ত্ৰী ড০ এ কে আব্দুল মোমেনৰ উদ্ধৃতিসহ বিবিচি বাংলাত বাতৰি প্ৰকাশ।

বাতৰিটোত কোৱা হৈছে যে যোৱা কিছু দিনত ভাৰতৰ পৰা দেশখনত নথি-পত্ৰবিহীনভাৱে অবৈধ নাগৰিকৰ প্ৰৱেশৰ কেইবাটাও ঘটনা ঘটিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এনে সিদ্ধান্ত লোৱা হৈছে। এইবোৰ ঘটনা ঘটিছে বিশেষকৈ ঝিনাইদহ আৰু ৰাজচাহী সীমান্তত।

“কাগজপত্ৰ নথকা কোনো লোক যাতে বাংলাদেশত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত পহৰা বৃদ্ধিৰ বাবে পৰৰাষ্ট্ৰ মন্ত্ৰ্যালয়ে স্বৰাষ্ট্ৰ মন্ত্ৰ্যালয়ক চিঠি দিছে”, বিবিচি বাংলাত ড০ এ কে আব্দুল মোমেনৰ উদ্ধৃতি।

মন্ত্ৰীজনে কয়, “আমাৰ সীমান্ত সকলো সময়তে কটকটীয়া সুৰক্ষাত আছে। বিদেশলৈ যোৱা কিছুমান লোক ঘূৰি আহিছে বুলি সংবাদ মাধ্যমৰ পৰা জানিব পৰা গৈছে। ইয়াৰ মাজত যিসকল বাংলাদেশৰ নাগৰিক আছে, তেওঁলোকক আমি গ্ৰহণ কৰিম। কিন্তু অন্য নাগৰিক হ’লে গ্ৰহণ নকৰিম।”

মন্ত্ৰীজনে সংবাদ প্ৰতিষ্ঠানটোৰ আগত কয়, অনুপ্ৰৱেশৰ বিভিন্ন খবৰ প্ৰকাশ হৈ থকা বাবে সীমান্তৰ পহৰা অধিক কটকটীয়া কৰাৰ সিদ্ধান্ত লোৱা হৈছে। স্বৰাষ্ট্ৰ মন্ত্ৰ্যালয়ৰ কৰ্মকৰ্তাই সীমান্তত পহৰা বৃদ্ধি কৰা বুলি অৱগত কৰিছে।

আনহাতে এন আৰ চি কেন্দ্ৰিক শংকাৰ বিষয়টোত ভাৰতৰ নেতৃবৰ্গৰ সৈতে আলোচনা হোৱা আৰু আশ্বাস পোৱা বুলি দাবী কৰি মন্ত্ৰীজনে কয়, “এই বিষয়ত অনেক আলোচনা হৈছে। ভাৰত চৰকাৰে আমাক বাৰে বাৰে প্ৰতিশ্ৰুতি দিছে যে এই বিষয়টোৱে বাংলাদেশক কোনো প্ৰকাৰেই প্ৰভাৱিত নকৰে। এন আৰ চি তেওঁলোকৰ অভ্যন্তৰীণ বিষয়”, সংবাদ প্ৰতিষ্ঠানটোত মন্ত্ৰীজনৰ বক্তব্য। তেওঁ বাংলাদেশে ভাৰত চৰকাৰৰ ওপৰত বিশ্বাস ৰাখে বুলিও দাবী কৰে।

উল্লেখ কৰিব পাৰি যে যোৱা দুমাহৰ ভিতৰত ভাৰতৰ পৰা বাংলাদেশত প্ৰৱেশ কৰাৰ চেষ্টা কৰোঁতে বহুকেইজন লোক ধৰা পৰিছে।

একেবাৰে শেহতীয়া এটা ঘটনাত যোৱা ৫ ডিচেম্বৰত ঝিনাইদ জিলাৰ মহেশপুৰ সীমান্তত ১০/১২ লোক ধৰা পৰিছে।

ইয়াৰ পূৰ্বে ২৩ নৱেম্বৰতো অনুপ্ৰৱেশৰ চেষ্টা চলোৱা ২২জন লোকক বি জি বিয়ে আটক কৰে।

বি জি বিক এই অনুপ্ৰৱেশ ধৰা পেলোৱাত সহায় কৰিবলৈ সীমান্তৰ ঠায়ে ঠায়ে স্থানীয় লোকৰ একোখন কমিটীও গঠন কৰি দিয়া হৈছে বুলি বাতৰিটোত প্ৰকাশ।

বাংলাদেশৰ পৰা ভাৰতলৈ অহৰহ অনুপ্ৰৱেশ হৈ থকা বুলি দাবী কৰি ভাৰতৰ, বিশেষকৈ অসমৰ বিভিন্ন দল-সংগঠনে ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ দাবী তুলি অহাৰ সময়তে এই ওলোটা সোঁতক বাধা দিয়াৰ বাংলাদেশৰ কৌশল তাৎপৰ্য্যপূৰ্ণ।

ইয়াৰ ফলত ভাৰতৰ পাৰে থকা অবৈধ তথা এন আৰ চিৰ পৰা বাদ পৰি ডিটেনশ্যন কেম্পত সোমোৱাৰ শংকাত থকা বাংলাদেশীসকল ইচ্ছা কৰিলেও ঘূৰি যোৱাৰ পথ মসৃণ নহ’ব।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd