• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ কামত নিয়োজিত হোৱা বাংলাদেশী খাইৰুলক অৱশেষত ডিটেনশ্যন কেম্পলৈ প্রেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2018 11:59 am
bangladeshi_28-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁৱত এন আৰ চিৰ কামত এগৰাকী বাংলাদেশী নাগৰিক নিয়োজিত হোৱাৰ বাতৰিয়ে সমগ্র ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰি অহাৰ পিছত অৱশেষত মৰিগাঁৱ আৰক্ষীয়ে বাংলাদেশী শিক্ষক খাইৰুল ইছলামক গ্রেপ্তাৰ কৰে। বাংলাদেশী শিক্ষক খাইৰুল ইছলামক সংবাদ মাধ্যমৰ লগতে বিভিন্ন দল-সংগঠনে লোৱা সক্ৰিয় ভূমিকাৰ পিছত বুধবাৰে নিশা আৰক্ষীয়ে মৈৰাবাৰীৰ পৰা গ্রেপ্তাৰ কৰে।

গ্রেপ্তাৰ কৰা বাংলাদেশী শিক্ষক খাইৰুলক বৃহস্পতিবাৰে তেজপুৰৰ ডিটেনশ্যন কেম্পলৈ প্রেৰণ কৰা হয়। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তর্গত ঠেকেশালিবৰি খন্দাপুখুৰী প্রাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলাম এন আৰ চি উন্নীতকৰণৰ কামত মিকিৰগাঁও গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰত ভি টি এম হিচাপে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা নিয়োজিত হৈ আছিল।

আনহাতে, ১৯৯৭ চনতেই ৰুজু হোৱা আই এম ডি টি গোচৰৰ ভিত্তিত মৰিগাঁও ৩নং বিদেশী ন্যায়াধিকৰণে বাংলাদেশৰ নোৱাখালিৰ খাইৰুল ইছলাম, মাতৃ মনোৱাৰা বেগম, দুই ভাতৃ আছাদুল আৰু চিৰাজুল আৰু ভগ্নী ফৰিদা বেগমক ২০১৫ চনৰ ২০ ফেব্রুৱাৰীত বিদেশী বুলি ৰায় দিয়ে।

ইপিনে বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্রত্যাহবান জনাই খাইৰুল ইছলাম, দুই ভাতৃ, ভগ্নীৰ লগতে মাতৃয়ে ৫২৩২২০১৬নং এখন লেখ আৱেদন দাখিল কৰে গুৱাহাটী উচচ ন্যায়ালয়ত। সেই অনুসৰি মাতৃ মনোৱাৰা বেগমে গুৱাহাটী উচচ ন্যায়ালয়ত দাখিল কৰা গোচৰৰ চূড়ান্ত ৰায়দানত গুৱাহাটী উচচ ন্যায়ালয়ে মৰিগাঁৱৰ ৩নং বিদেশী ন্যায়াধিকাৰৰ ৰায়কেই বাহাল ৰাখে।

ৰহস্যজনকভাৱে, যোৱা ১৩ জুনতে প্রদান কৰা এই ৰায়দানৰ পাছত দুমাহ কাল এইজন বিদেশী নাগৰিক এন আৰ চিৰ কামত নিয়োজিত হৈ আছিল।

জানিব পৰা মতে উচচ ন্যায়ালয়ে প্রদান কৰা ৰায়ৰ প্রতিলিপি মৰিগাঁও ৩নং বিদেশী ন্যায়াধিকৰণৰ সদস্য, মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকলৈ যোৱা ১৯ জুলাইত প্রেৰণ কৰিছিল। কিন্তু এই সমগ্র ঘটনাটো সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পাছতহে ১১ আগষ্টত জিলাৰ উপায়ুক্ত হেমেন দাসে এক বিবৃতিৰ জৰিয়তে বিদেশী খাইৰুলক এন আৰ চিৰ কামৰ পৰা অব্যাহতি দিয়া বুলি অৱগত কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথা যে খাইৰুল ইছলাম যে বিদেশী সেই কথা গম পোৱা নাছিল মৰিগাঁৱৰ আৰক্ষী অধীক্ষক আৰু সীমান্ত শাখাৰ আৰক্ষীয়ে। সংবাদ মাধ্যমৰ লোকে ১৪ আগষ্টত মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ পৰা খাইৰুলৰ সন্দর্ভত কি ব্যৱস্থা গ্রহণ কৰিছে সেই সন্দর্ভত মন্তব্য বিচাৰি যাওঁতে খাইৰুলৰ ক্ষেত্রত আৰক্ষী অধীক্ষকৰ হাতত একো তথ্য নাই বুলি অৱগত কৰে।

সাংবাদ মাধ্যমৰ লোকে ন্যায়ালয়ে প্রদান কৰা ৰায়ৰ প্রতিলিপি দেখুওৱাৰ পাছতহে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই তৎপৰতা প্ৰদৰ্শন কৰে। এন আৰ চিৰ দৰে অতি গুৰুত্বপূর্ণ বিষয়ৰ এটা ঘটনা সন্দর্ভত মৰিগাঁও জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ ভূমিকাক লৈ তীব্র প্রতিবাদ হোৱাৰ পিছত মৰিগাঁও প্রশাসন সষ্টম হৈ পৰে৷

অৱশেষত জিলা প্ৰশাসনৰ তৎপৰতাত বৃহস্পতিবাৰে নিশা মৈৰাবাৰীত আত্মগোপন কৰি থকা খাইৰুলক মৰিগাঁৱৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। ইপিনে ঠেকেশালিবৰি খন্দাপুখুৰী প্রাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুলক তৎকালীনভাৱে বলৱৎ হোৱাকৈ মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াই চাকৰিৰ পৰা নিলম্বন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd