বেংক অৱ বৰোডাই দিছপুৰ কলেজক ঘূৰাই দিব হৰলুকি হোৱা ৭৬ লাখ টকা

দিছপুৰ কলেজৰ অধ্যক্ষ ডঃ নৱজ্যোতি বৰা।

বেংক অৱ বৰোডাই দিছপুৰ কলেজক ঘূৰাই দিব হৰলুকি হোৱা ধন। যোৱা ২ মে’ৰ দিনা পোহৰলৈ আহিছিল দিছপুৰ কলেজৰ বেংক একাউন্টৰ পৰা ৭৬ লক্ষাধিক টকা হৰলুকি হোৱাৰ ঘটনা।

বেংক অৱ বৰোডাৰ গুৱাহাটীৰ দিছপুৰ শাখাৰ পৰা পশ্চিম বংগৰ বৰনগৰ শাখা, ইউনিয়ন বেংকলৈ ট্ৰেন্সফাৰ হৈছিল টকাখিনি। যোৱা ২১ এপ্ৰিলৰ বিয়লি প্ৰায় ১:৫৪ বজাত চেকখনৰ ধন জমা হোৱা দেখুওৱা হৈছিল।

যোৱা ১৯ এপ্ৰিলত বেংক অৱ বৰোডাৰ দিছপুৰ শাখাই ষ্টেট বেংকলৈ ওভটাই পঠিওৱা চেকৰ নম্বৰৰ সৈতে ৭৬ লাখ টকাৰ চেকৰ নম্বৰো একেই আৰু স্বাক্ষৰৰো মিল আছে।

লগতে পঢ়ক: চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুজন যুৱকক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে

ঘটনাৰ সৈতে বেংক অৱ বৰোডাৰ লোক জড়িত থকাৰ অভিযোগ তুলিছে দিছপুৰ কলেজৰ অধ্যক্ষ ডঃ নৱজ্যোতি বৰাই। যোৱা ৪ মে’ৰ দিনা দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল কলেজখনৰ অধ্যক্ষই। 

সেই গোচৰৰ ভিত্তিতে শুকুৰবাৰে দিছপুৰ আৰক্ষীয়ে সোধাপোচাৰ বাবে আটক কৰিছিল বেংকটোৰ শাখা প্ৰবন্ধক ৰাজেশ কুমাৰ সিনহা সহ দুগৰাকী মহিলা কৰ্মচাৰীক।

আৰক্ষীৰ সন্মুখত বেংকটোৰ প্ৰবন্ধক গৰাকীয়ে নিজৰ কৰ্মচাৰীৰ ভুলৰ কথা স্বীকাৰ কৰিছিল ৷

হৰলুকি হোৱা ধনখিনি বেংক অৱ বৰোডাই দিছপুৰ কলেজক ঘূৰাই দিব যদিও এতিয়াও ধনখিনি সৰকোৱা মূল ‘মাষ্টাৰ মাইণ্ড’ আৰক্ষীৰ জালত পৰা নাই।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ বাবে সাজু মুকেশ আম্বানীৰ সংস্থা

দিচপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও বৰ্তমানো মূল প্ৰবঞ্চকৰ কোনো উৱাদিহ লাভ কৰা নাই।