NORTHEAST NOW (Assamese)

কোকৰাঝাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে ‘বাওখুংৰি’ উৎসৱ আৰম্ভ

April 13, 2019 10:14 am · ৰিনয় বসুমতাৰী
Updated: April 13, 2019 10:59 am
বাওখুংৰি উৎসৱৰ এটা দৃশ্য।

কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সপ্তম ‘বাওখুংৰি উৎসৱ’ আৰম্ভ হৈছে।

ভালেসংখ্যক আমন্ত্ৰিত অতিথি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বি টি চিৰ মুখ্য সচিৱ বিৰেণ চন্দ্ৰ ফুকনে উৎসৱখন আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে।

তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বাওখুংৰি উৎসৱত সাংস্কৃতিক প্ৰদৰ্শনী, খাদ্য প্ৰদৰ্শনী, থলুৱা খেল-ধেমালী আৰু ট্ৰেকিঙকে আদিকৰি ভালেমান প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিছে আয়োজক সমিতিয়ে।

বাওখুংৰি উৎসৱৰ এটা দৃশ্য

উৎসৱলৈ অহা অতিথিসকলে বাওখুংৰি পাহাৰত ট্ৰেকিঙ কৰাৰ সুবিধা লাভ কৰাৰ লগতে থলুৱা খাদ্য সম্ভাৰৰো জুতি ল’ব পাৰিব।

বহাগ বিহু (বড়ো সকলৰ মতে বৈশাগু) ৰ এদিন আগত সংক্ৰান্তিৰ দিনা বড়ো সকলে ‘বাওখুংৰি হাজ গাখৌনাই’ বা বাওখুংৰি পাহাৰত বগোৱা কামটো পৰম্পৰাগত ভাবে পালন কৰি আহিছে।

অসম পৰ্যটন বিভাগ আৰু বি টি চি প্ৰশাসনে এই পৰম্পৰাগত উৎসৱটো প্ৰতিবছৰে বাওখুংৰি উৎসৱ হিচাপে পালন কৰি উৎসৱৰ লগত বিভিন্ন অনুষ্ঠান, দুঃসাহসিক অভিযান আৰু থলুৱা প্ৰদৰ্শনী আৰু খেল-ধেমালী আয়োজন কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে চেষ্টা কৰিছে।

চলিত বৰ্ষত উৎসৱত বিগত বৰ্ষতকৈ জনসাধাৰণৰ উপস্থিতি বৃদ্ধি পাৱ বুলি উদ্যোক্তা সমিতিয়ে আশা কৰিছে।

 

Related News