NORTHEAST NOW (Assamese)

গুজৰাটত অনুষ্ঠিত মি: ইণ্ডিয়ান বলীউদ ক্ৰাউন ২০২১ৰ প্ৰথম ৰানার্ছ আপ অসমৰ বাপন সৰকাৰ

July 30, 2021 11:14 am · ইয়াছিন আলী

বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে অসমৰ যুৱক যুৱতী সকল। জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাষ্টীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ বহু যুৱক যুৱতী।

সেইদৰে, বিশ্বৰ বুকুত সোণালী আখৰেৰে নাম খোদিত কৰিবলৈ সক্ষম হৈছে বিভিন্ন জনে বিভিন্ন পাৰদৰ্শিতাৰে।

এইবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আন এগৰাকী অসমীয়া যুৱক বাপন সৰকাৰে।

গুজৰাটত অনুষ্ঠিত MR. INDIAN BOLLYWOOD CROWN 2021 MODELING COMPETITIONত  প্ৰথম ৰানাৰ্ছআপ হিচাপে জয়ী হৈ গৌৰৱ কঢ়িয়াই আনিলে অসমীয়া যুৱক জনে।

যুৱক জনৰ ঘৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানা অন্তৰ্গত ১ নং নোৱাপাৰাত। নোৱাপাৰাৰ সুস্থিৰ সৰকাৰৰ পুত্ৰ বাপন সৰকাৰে গুজৰাটৰ জাম নগৰত মডেলিং প্ৰতিযোগিতাত ফাৰ্ষ্ট ৰানাৰ্চ আপ স্থান পাবলৈ সক্ষম  হৈছে।

অতি দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ যুৱকজনে সৰুৰে পৰা বলীউডত খোজ দিয়াৰ ধাউতি আছিল। মাক-দেউতাকে চাহৰ দোকান কৰি যুৱকজনক বি এছ চি চূড়ান্ত বৰ্ষত উপনীত কৰাৰ সময়তে এই সাফল্য অৰ্জন কৰে।

যুৱকজনৰ সফলতাত যথেষ্ট আনন্দিত তেওঁৰ পৰিয়ালৰ লগতে অঞ্চলবাসী।

অনাগত দিনত আৰু আগবাঢ়ি যাবলৈ অসমবাসীৰ লগতে চৰকাৰক সহায় সহযোগিতা কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

Related News