গোটেই নিশা বিচাৰিও নাপালে কইনাৰ ঘৰৰ ঠিকনা; বিয়া নকৰি খালী হাতে উভতিল দৰা

WhatsApp Image 2020-12-19 at 10.13.14 AM

প্ৰতিনিধিত্বমূলক ফটো।

বিয়া কৰাবলৈ গৈ কইনাৰ ঘৰেই বিচাৰি নাপালে দৰা তথা দৰাযাত্ৰী! কোনো দুৰ্ঘটনাৰ বাবে নহয়, বিয়া ঘৰৰ ঠিকনা বিচাৰি নাপাইহে ঘটিল এনে অথন্তৰ।

এনে এক অদভুত ঘটনাই ঘটিছে উত্তৰ প্ৰদেশত। যোৱা ১০ ডিচেম্বৰত ৰাজ্যখনৰ মৌ অঞ্চলৰ কইনা আনিবলৈ দৰা সাজি-কাছি দৰাযাত্ৰীৰ সৈতে আজমগড়লৈ যাত্ৰা কৰিছিল দৰা।

কিন্তু কোনোমতে বিচাৰি নাপলে কইনাৰ বিয়াঘৰ। আনকি গোটেই নিশা বিচাৰিও গন্তব্য স্থানত উপস্থিত হ’ব নোৱাৰিলে।

অৱশেষত ধৈৰ্যচ্যুতি ঘটি দৰাযাত্ৰীৰ সৈতে ঘৰলৈ উভতি আহিল দৰা। পিচে, কিয় এনে হ’ল? আজিৰ যুগত প্ৰযুক্তিৰ জৰিয়তে অনায়াসেই ঠিকনা বিচাৰি উলিয়াব পাৰি। এটা ফোন কৰিয়েই গন্তব্য স্থানৰ সন্ধান পাব পাৰি।

তেনেক্ষেত্ৰত গোটেই নিশা বিচাৰিও কিয় বিয়া নকৰাকৈয়ে ঘৰলৈ উভতিবলগীয়া হ’ল দৰা? ঘটনাৰ ৰহস্যও ইয়াতেই লুকাই আছে। ঠিক চিনেমাৰ দৰেই এই কাহিনী।

প্ৰকৃততে, বিয়াৰ পূৰ্বে কইনাৰ ঘৰলৈ অহা নাছিল দৰাঘৰৰ পৰিয়াল। ফোনতেই হৈছিল কথা বতৰা। তাৰমাজতে কইনাঘৰে বিয়াৰ প্ৰস্তুতিৰ বাবে দৰাৰ ঘৰৰ পৰা ২০ হাজাৰ টকা লৈ আনে।

নতুনসম্বন্ধ গঢ়াৰ আনন্দত সেইদৰে টকা কইনাৰ ঘৰলৈ পঠিয়াই দিয়া হয়। ইয়াৰ পাছতে বিয়া কৰাবলৈ আহি এনেদৰে পয়মাল ঘটিল দৰাৰ।

বিয়াখনৰ মধ্যস্থতা কৰিছিল এগৰাকী মহিলাই। তেওঁ দৰাৰ ঘৰলৈ ছোৱালীৰ প্ৰস্তাৱ লৈ আহিছিল। দৰাঘৰীয়াই সকলো ৰাগ-খং তেওঁৰ ওপৰতেই জাৰিলে আৰু দৰাঘৰৰ লোকে এটা নিশা আটক কৰিও ৰাখে।

গোটেই ঘটনাটো এতিয়া কাটোৱা থানাত বিচাৰৰ বাবে গৈ পাইছে। কিন্তু আৰক্ষীৰ বাবেও ইয়াৰ সমাধান বিচাৰি উলিওৱাটো কঠিন হৈ পৰিছে।