অসমত “গৃহযুদ্ধ”ৰ আশংকা বৰাকৰ বৃহত্তম নাগৰিক মঞ্চৰ, “খিলঞ্জীয়া”লৈ অধিকাৰত আপত্তি

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিলৈ পত্ৰ। “ভূমি অধিকাৰ”ৰ নামতো সমিতিখনে অসম চুক্তিৰ “অনৈতিক” “বিকৃতি” ঘটোৱাৰ অভিযোগ।

Barak citizen's forum apprehensive about Civil War in Assam over proposed ''Rights to Indigenous''

বৰাকৰ মঞ্চটোৱে প্ৰেৰণ কৰা পত্ৰৰ প্ৰতিলিপি। নৰ্থইষ্ট নাও।

অসমৰ “খিলঞ্জীয়া”লৈ অধিকাৰ প্ৰস্তাৱত আপত্তি দৰ্শাই সদৌ অসম বেংগলি হিন্দু এচ’চিয়েচনৰ পিছত বৰাকৰ বহু সংগঠনৰ বৃহৎ মঞ্চ নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতিয়ে কৰিছে ৰাজ্যত “গৃহ যুদ্ধ”ৰ আশংকা।

অসম চুক্তিৰ ৬নং দফাক লৈ কেন্দ্ৰই গঠন কৰা উচ্চস্তৰীয় সমিতিয়ে জাৰি কৰা বিজ্ঞাপনৰ ভিত্তিত ৰাজ্যত “গৃহ যুদ্ধ”ৰ ভয়াৱহ আশংকা কৰিছে বৰাকৰ মঞ্চটোৱে।

অসমৰ ৰাইজৰ মতামত বিচাৰি প্ৰচাৰিত বিজ্ঞাপনটোত উল্লেখিত “খিলঞ্জীয়া” অভিধাটোত আপত্তি দৰ্শাইছে মঞ্চটোৱে।

“সাধাৰণভাৱে অসম চুক্তি আৰু বিশেষকৈ তাৰ ৬নং দফাৰ ভুল পঠন আৰু অশুদ্ধ ব্যাখ্যাৰ ফলত ৰাজ্যত একধৰণৰ গৃহ যুদ্ধৰ সম্ভাৱনাৰ আমি আশংকা প্ৰকাশ কৰিছো,” উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মালৈ দিয়া সংস্থাটোৰ পত্ৰত উল্লেখ।

বৰাকৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ ৪০টা সংগঠন আৰু বিভিন্ন নাগৰিক সংস্থাৰ উমৈহতীয়া মঞ্চটোৱে ১৭ ছেপ্তেম্বৰত পত্ৰখন প্ৰেৰণ কৰিছে।

অসম চুক্তিৰ ৬নং দফাটোত “অসমীয়া” অভিধাটো উল্লেখ থকাৰ বিপৰীতে সংশ্লিষ্ট দফা ৰূপায়ণ সন্দৰ্ভত পৰামৰ্শদানৰ বাবে গঠিত সমিতিখনে “খিলঞ্জীয়া”ৰ ব্যৱহাৰ কৰাত মঞ্চটোৱে আপত্তি কৰিছে।

“অসম চুক্তিৰ স্বাক্ষৰকাৰীসকলে গ্ৰহণ কৰা ১৯৭১ চনৰ ২৪ মাৰ্চ সময়সীমালৈ অসমত বাস কৰা লোকসকলক বহলভাৱে সূচিত আৰু বিভাজিত কৰা প্ৰকৃত শব্দ ‘অসমীয়া’ত ‘খিলঞ্জীয়া’ অভিধাৰ তলকিব নোৱাৰা সংযোগকৰণ লক্ষ্য কৰিব লগা হোৱাটো আশ্চৰ্য্যজনক,” মঞ্চৰ বিবৃতিত উল্লেখ।

সমিতিখনে কেৱল “খিলঞ্জীয়া অসমীয়া”ৰ অধিকাৰ সুৰক্ষিত কৰিব খোজাটো “অগণতান্ত্ৰিক, অসাংবিধানিক আৰু বৈশিষ্ট্যগতভাৱে (by nature) বিভাজনমূলক”, মঞ্চটোৱে কয়। “(ই) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় আত্মাই প্ৰসাৰ কৰা, মানি চলা আৰু প্ৰচাৰ কৰা ‘এক দেশ, এক নীতি’ নীতিৰ বিৰুদ্ধে গৈছে।”

মঞ্চটোৱে লগতে কৈছে যে “ঐতিহাসিক চুক্তি”খনৰ গুৰুত্বপূৰ্ণ দফা এটাৰ “এনে বিকৃতকৰণ”ৰ কোনো কৰ্তৃত্ব উচ্চস্তৰীয় সমিতিখনৰ নাই।

“খিলঞ্জীয়া” অভিধাটো নিজেই “অসংজ্ঞাবদ্ধ” আৰু অসম চুক্তিৰ “আত্মা”ৰ সৈতে “বিৰোধমূলক” বুলি দাবী কৰি ভাৰতৰ নাগৰিকত্ব আৰু অসমৰ শেহতীয়া এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত মানি লোৱা “ভাষা, ধৰ্ম বা আন যোগ্যতা”-নিৰ্বিশেষ গ্ৰহণযোগ্যতাৰ কথা মঞ্চটোৱে পত্ৰত উল্লেখ কৰিছে।

“কেন্দ্ৰই সমিতিখন গঠন কৰিছে অসম চুক্তিৰ ৬নং দফাৰ বিবেচক ৰূপায়ণৰ বাবে, য’ত ৰাজ্যখনৰ ‘অসমীয়া’ লোকৰ ভাষিক, সাংস্কৃতিক, সামাজিক আৰু সাংবিধানিক সুৰক্ষাৰ স্পষ্ট নিশ্চিতি প্ৰদান কৰিছে,” মঞ্চৰ মত।

মঞ্চটোৰ মতে, “ভূমি অধিকাৰ”ৰ নামত সমিতিখনে অসম চুক্তিৰ আন এক “অনৈতিক” “বিকৃতি” ঘটাইছে।

“চুক্তিৰ ১১ আৰু ১২ দফাত বৰ্ণিত ‘ভূমি অধিকাৰ’ ৬নং দফাত কৃত্ৰিমভাৱে যুক্ত কৰাৰ প্ৰচেষ্টা কৰা হৈছে,” মঞ্চৰ মত।