NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ পৰা প্ৰস্থান; বিজেপিত প্ৰৱেশৰ বাবে সাজু গৌতম ৰয়

August 10, 2019 6:03 pm · এন ই নাও নিউজ
গৌতম ৰয়। সৌজন্য: northeasttoday.in

ইজনৰ পিছত সিজন নেতাৰ দলত্যাগৰ খবৰ হেঁচাত ভাৰাক্ৰান্ত প্ৰদেশ কংগ্ৰেছক অধিক বিব্ৰত কৰি আজি “বৰাকৰ সম্ৰাট” গৌতম ৰয়েও দলটো ত্যাগ কৰে, যিটো অৱশ্যম্ভৱী আছিল।

নেতাজনে আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰালৈ এখন পত্ৰ লিখি দলটোৰ পৰা বিদায় লোৱা বুলি জনায়।

মই এই ভাৰতীয় জাতীয় কংগ্ৰেছত ত্ৰিচ বছৰ ধৰি কাম কৰিলো। মই কংগ্ৰেছৰ সদস্য হৈ থাকিবলৈ পাই অতি সুখী হৈছিলো। যোৱা কিছু দিন ধৰি মোৰ বাবে দলটোৰ বৰ্তমান কামকাজ বা ইয়াৰ গতিবিধি মানি লোৱাটো কঠিন হৈছে।

গতিকে মই দলটোৰ প্ৰাথমিক সদস্যপদ আৰু দলৰ আন সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰিছো। ১০ আগষ্টত লিখা পত্ৰখনত কোৱা হৈছে।

ইপিনে বিশ্বস্ত সূত্ৰৰ খবৰমতে, ৰয়ে কাইলৈ বিজেপিত যোগদান কৰিব।

কাইলৈ প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত অনুষ্ঠিত হ’ব লগীয়া এটা যোগদান অনুষ্ঠানত ৰয়ে গেৰুৱা সাজ পিন্ধিব।

এটা ইলেকট্ৰনিক সংবাদ প্ৰতিষ্ঠানৰ আগত কংগ্ৰেছত্যাগী নেতাজনে কয়, “ক্ষমতাৰ লোভত মই বিজেপিলৈ যাব খোজা নাই৷ মই সাধাৰণ কৰ্মী হৈয়েই থাকিম বিজেপিত৷ বিজেপিৰ নীতি-আদৰ্শ আৰু নৰেন্দ্ৰ মোদীৰ কামকাজত মই আকৃষ্ট হৈছো।”

Related News