বৰ্ণৰ উদ্যোগত বাংলাদেশৰ কবি লোপা মমতাজৰ সৈতে কবিতাৰ আড্ডা

আজি গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী বৰ্ণৰ উদ্যোগত অনুষ্ঠিত হয় কবিতাৰ এক ৰসোগ্ৰাহী তথা বৌদ্ধিক আড্ডা।

এই অনুষ্ঠানত উপস্থিত থাকে বাংলা কবি লোপা মমতাজ।  লোপা মমতাজৰ ‘লোপা ও লিলিথ’ কাব্য গ্ৰন্থক প্ৰসংগ হিচাপে লৈ এই আদ্দাত কবিতা সম্পৰ্কীয় বিভিন্ন বিষয়ে স্থান লাভ কৰে।

আজিৰ এই আড্ডাৰ বিষয় আছিল – বাংলা কবিতা ; ভিন্ন সুৰ- ভিন্ন আংগিক। আধুনিক কবিতাত হোৱা বিভিন্ন সম্পৰীক্ষা, বিষয়, নাৰীবাদ, ৰাজনৈতিক চেতনা আদি বিষয় সম্পৰ্কে গভীৰ আলোকপাত কৰে আড্ডাধৰ্মী অনুষ্ঠানটিৰ মুখ্য আলোচক তথা পাণ্ডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক শান্তনু ৰায় চৌধুৰীয়ে।

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় কবি নীলিম কুমাৰ, বিশিষ্ট শিল্পী সমৰ হাজৰিকা, সাহিত্যিক ইছমাইল হুছেইন আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আব্দুল খালেককে ধৰি অসমৰ বিভিন্ন ঠাইৰ লেখক আৰু পাঠক।

ইছমাইল হুছেইনৰ সৈতে হোৱা আলাপত ভূপেন হাজৰিকাৰ এটি গীতৰ কলি আওৰাই লোপাই কয় যে –অসম মোৰ আটাইতকৈ প্ৰিয়। ইয়াত হিন্দু মুছলমানৰ সম্প্ৰীতি আছে।

লগতে তেওঁ কয় – নাৰী আগুৱাই যোৱাতো কষ্টকৰ। নাৰীক যৌন উপাদান হিচাপেই চোৱা হয়। নাৰীৰ শাৰীখন সৰি পৰিলেও কোনোৱাই কৈ দিয়ে। নাৰীক যোগ্য বুলি সমাজে নাভাবে। মই নাৰী আৰু পুৰুষ সকলোৰে মুক্ত হোৱাতো বিচাৰো।

তেওঁ ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক সম্পৰ্কে কয় যে মেঘ বৰষুণ আকাশ চৰাইক পাচপৰ্ট নালাগে। চৰাই যিকোনো দেশলৈ যাব পাৰে। ময়ো নিজকে চৰাই বুলি ভাবো আৰু চৰাইৰ দৰে মুক্ত হ’ব খোজো।

এই অনুষ্ঠানত নীলিম কুমাৰেও লোপা মমতাজৰ কবিতা সম্পৰ্কে এক গভীৰ আলোচনা আগবঢ়ায়।