কামৰূপী লোকগীতৰ ধাৰক-বাহক শিল্পী গোকুল পাঠকক বৰনগৰ প্ৰেছ ক্লাৱৰ সম্বৰ্দ্ধনা

Gokul

শিল্পী-সাহিত্যিক গোকুল পাঠকক বৰনগৰ প্ৰেছ ক্লাৱৰ সম্বৰ্দ্ধনা। ফটো : নৰ্থইষ্ট নাও

কামৰূপী লোকগীতৰ ধাৰক-বাহক, শিল্পী, সাহিত্যিক, সাংবাদিক তথা বৰপেটাৰ  মহীৰূহ গোকুল পাঠকক দেওবাৰে বৰনগৰ প্ৰেছ ক্লাৱে সম্বৰ্দ্ধনা জনায় ৷ এই উদ্দেশ্যে গোকুল পাঠকৰ চোতালত দেওবাৰে বিয়লি অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।

বৰনগৰ প্ৰেছ ক্লাৱৰ সভাপতি তৰুণ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্দ্ধনা অনুষ্ঠানত কামৰূপী লোকগীতৰ ধাৰক-বাহক, শিল্পীগৰাকীক ফুলাম গামোচা, চেলেং চাদৰ, মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

সম্বৰ্দ্ধনা গ্ৰহণ কৰি গোকুল পাঠকে নষ্টালজিক হৈ বৰনগৰত জন্ম গ্ৰহণ কৰাৰ লগতে কিদৰে বহু কষ্টৰে পঢ়া শুনা কৰিছিল তাৰ ওপৰত মন্তব্য কৰে। ৰাইজে শিল্পী,সাহিত্যিক, সাংবাদিক আদি যি বিভূষণ আগবঢ়াইছে সেয়া বৃহত্তৰ বৰনগৰৰ অৱদান বুলি স্বীকাৰ কৰে পাঠকে ৷

অনুষ্ঠানত বৰনগৰ প্ৰেছ ক্লাৱৰ সম্পাদক পুলেন কুমাৰ দাস, সহকাৰী সম্পাদক ক্ৰমে অপূৰ্ব অধিকাৰী আৰু প্ৰীতিষা গোস্বামীৰ লগতে বৰনগৰ প্ৰেছ ক্লাৱৰ অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ৷

উল্লেখ্য যে, বৰনগৰ প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উপলক্ষে “বৰপেটা সত্ৰৰ ইতিহাস”ৰ প্ৰণেতা তথা লোকসংগীত শিৰোমণি বঁটা প্ৰাপক গোকুল পাঠকক দেওবাৰে সম্বৰ্দ্ধনা জনায় ৷