NORTHEAST NOW (Assamese)

সোণোৱালৰ ‘বেইমান’ শব্দৰ প্ৰতিবাদত বৰপেটাত জ্বলিল প্ৰতিকৃতি

December 21, 2018 8:54 pm · পুলেন্দ্ৰ দাস

মুখ্য মন্ত্ৰীৰ দৰে সাংবিধানিক মৰ্যাদা সম্পন্ন পদত থাকি আনক সমালোচনা কৰিবলৈ গৈ মুখত অশোভনীয় ‘বেইমান’ শব্দ প্ৰয়োগ কৰাৰ প্ৰতিবাদত আজি বৰপেটাত কংগ্ৰেছ কৰ্মীসকলে সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে।

বৰপেটা জিলা কংগ্ৰেছৰ কাৰ্যালয় প্ৰাংগণত সমৱেত হৈ কংগ্ৰেছৰ নেতা-কৰ্মীসকল মুখ্য মন্ত্ৰীক তেওঁৰ পদৰ সৈতে খাপ নোখোৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা বাবে গৰিহণা দিয়ে। লগতে ‘বিজেপি গ’ বেক, সৰ্বানন্ধ সোণোৱাল মুৰ্দাবাদ, ৰঞ্জিত দাস মুৰ্দাবাদ’ আদি শ্ল’গান দিয়ে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছ দলৰ বিৰুদ্ধে অশোভনীয় মন্তব্য আগবঢ়াইছিল। মুখ্য মন্ত্ৰী গৰাকীয়ে নিখিল ভাৰত কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে বিৰূপ মন্তব্য দিয়াৰ লগতে কংগ্ৰেছ দল ‘বেমাইন’ৰ দল বুলি অভিহিত কৰিছিল।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী আঞ্জুৱাৰা বেগম, জিলা কংগ্ৰেছৰ সম্পাদক আফটাব উদ্দিন খান, বৰপেটা টাউন ব্লক কংগ্ৰেছৰ সভাপতি জিতু শৰ্মাৰ লগতে বহু নেতা-কৰ্মী উপস্থিত থাকে।

Related News