লকডাউন আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভীষণভাবে ক্ষতিগ্ৰস্ত হোৱা পাঠশালাৰ বন্ধসিধনী গাঁৱৰ কেবাটাও পৰিয়ালৰ মাজত মুখ্য মন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই শনিবাৰে কিছু পৰিমানৰ খাদ্য সামগ্ৰী সাহায্য হিচাপে বিতৰণ কৰে।
গাওঁখনৰ মহাৰাণী চুবাৰ শ্ৰমজীবী দৰিদ্ৰপৰিয়াল কেইটা যোৱা বানপানীৰ সময়ত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি শেহতীয়া ধুমুহা বতাহতো তেওঁলোকৰ ঘৰ দুৱাৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল।
এই বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হোৱাৰ পিছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা উপায়ুক্তক ফোনত যোগাযোগ কৰি ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক তাৎক্ষণিকভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ পৰামৰ্শ দিয়াত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই পৰিয়ালকেইটাৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ খা-খবৰ লয়।
তেওঁ সাতটা পৰিয়ালক নিজ হাতে চাউল, দাইল আদি বিতৰণ কৰাৰ উপৰি পাটাছাৰকুছি ৰাজহ চক্ৰৰ ফালৰ পৰাও অঞ্চলটোৰ আন চাৰিটা দুৰ্দশাগ্ৰস্ত পৰিয়াললৈ সাহায্য আগবঢ়ায়।
উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে এই পৰিয়াল কেইটাক ৯৫ হাজাৰ টকাকৈ বান সাহায্য প্ৰদানৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰলৈ প্ৰস্তাব প্ৰেৰণ কৰা হৈছে। তদুপৰি, সম্ভৱ হলে তেওঁলোকক প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদানৰ বিষয়টোও গুৰুত্ব সহকাৰে বিবেচনা কৰা হ’ব বুলি শৰ্মাই আশ্বাস দিয়ে।
মুখ্য মন্ত্ৰী তথা উপায়ুক্ত গৰাকীৰ এই ভূমিকাত গাওঁবাসীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। উপায়ুক্ত গৰাকীৰ সৈতে বজালী মহকুমাৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু পাটাছাৰকুছিৰ চক্ৰ বিষয়া সঙ্গীতা শৰ্মাও উপস্থিত থাকে।
উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ পৰা সাহায্য লাভ কৰা দুৰ্গত পৰিয়াল কেইটা হৈছে – গণেশ কলিতা, হৰময়ী কলিতা, উত্তম কলিতা, গোলাপী কলিতা, ভবেন কলিতা, গোগিন কলিতা, পল্লবী কলিতা, তপন কলিতা, হৰমোহন কলিতা আৰু জয়ন্তী কলিতা।
ইপিনে উপায়ুক্তই ৰাষ্ট্ৰীয় ঘাইপথত নিজেই কেবাখনো যান-বাহন পৰীক্ষা কৰে। লকডাউন উলংঘা কৰি বিভিন্ন আজুহাতত ৰাজপথত গাড়ী চলাই ফুৰা কেবাজনকো সতৰ্ক কৰি দিয়াৰ লগতে ব্যৱস্থাও গ্ৰহণ কৰে।
আনহাতে, লকডাউন জনিত পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শুকুৰবাৰে আবেলি জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাগৃহত উপায়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণব কুমাৰ শৰ্মাৰ উপৰি জিলা প্ৰশাসনৰ সকলো বিষয়া আৰু জ’নেল আৰু ছেক্টৰ বিষয়া হিচাপে নিয়োজিত বিষয়া সকলো উপস্থিত থাকে।
জিলাখনত লকডাউনৰ নীতিসমূহ সঠিকভাবে পালন কৰাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সম্পৰ্কত সভাত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়।