NORTHEAST NOW (Assamese)

আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰে সজ্জিত প্ৰশাসনে উচ্ছেদ কৰিলে মাত্ৰ তিনিটা ঘৰ; ধৰ্মভিত্তিক বৈষম্যৰ অভিযোগ

October 26, 2018 8:25 pm · পুলেন্দ্ৰ দাস
২৬ অক্টোবৰত বৰপেটাৰ গণককুছি পথাৰত জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান। ফাইল ফটো

বৰপেটাৰ গণককুছি পথাৰত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই তিনিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলায়।

জানিব পৰা মতে যোৱা ২৩ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটাৰ পাটবাউসী সত্ৰ ভ্ৰমণৰ সময়ত ৰাইজে মুখ্য মন্ত্ৰী গৰাকীক গণককুছি পথাৰৰ অবৈধ বেদখলৰ বিষয়টো অৱগত কৰে।

তাৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে গণককুছি পথাৰৰ বেদখলৰ বুজ লৈ জিলা উপায়ুক্তক বেদখল উচ্ছেদ কৰাৰ বাবে মৌখিকভাৱে নিৰ্দেশ দিয়ে।

এই নিৰ্দেশৰ ভিত্তিতে আজি জিলা প্ৰশাসনে উক্ত অঞ্চলত উচ্ছেদ অভিযান চলায়। আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলা এই উচ্ছেদ অভিযানত তিনিটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলায়।

আনহাতে এই উচ্ছেদ ধৰ্মৰ ভিত্তিত হোৱা বুলি উচ্ছেদিত পৰিয়ালে নৰ্থ ইষ্ট নাওৰ প্ৰতিবেদকৰ আগত অভিযোগ কৰে।

পৰিয়ালকেইটাই অভিযোগ কৰা মতে জিলা প্ৰশাসনে মাত্ৰ সংখ্যালঘু লোকৰ তিনিটা পৰিয়ালৰ লোকৰ ঘৰ ভাঙি আন ধৰ্মৰ লোকক উচ্ছেদ কৰাৰ পৰিৱৰ্তে মাত্ৰ উচ্ছেদৰ জাননী দিয়ে দায়িত্ব সামৰে।

আনহাতে একাংশ স্থানীয় ৰাইজে আটাইবোৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ জিলা প্ৰশাসনক দাবী জনাইছে।

Related News