• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত পুনৰ সেনা অভিযান চলিলে দায়ী হ’ব বিজেপি চৰকাৰ: উপমন্যু হাজৰিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2018 9:01 pm
There's no pro-indigenous political party, so I am an independent candidate: Upamanyu Hazarika

উপমন্যু হাজৰিকা। ছবি- ফে’চবুকৰ।

1.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ বহু যুৱক শেহতীয়াকৈ আলফা (স্বাঃ)মুখী হোৱা বুলি দাবী কৰি ৰাজ্যত পুনৰ সেনা অভিযান চলিলে তাৰ বাবে শাসনাধিষ্ঠ বিজেপি চৰকাৰেই দায়ী হ’ব বুলি মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই।

“পুনৰ যদি অসমত অপাৰে’চন বজৰং আৰু ৰাইন’ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে দায়ী হ’ব চৰকাৰ,” শুকুৰবাৰে এই চিন্তা উদ্ৰেককাৰী মন্তব্য উচ্চতম ন্যায়ালয়ৰ অধিবক্তাজনৰ।

দেৰগাওঁ আছুৰ নেতা পংকজ প্ৰতীম দত্তই বিদ্ৰোহী সংগঠনটোত যোগ দিয়া ঘটনাটো “অশনি সংকেত” বুলিও উল্লেখ কৰিছে হাজৰিকাই।

“কেৱল (আছু নেতা) পংকজেই নহয়, জাগুন, বিশ্বনাথ, ডিগবৈ আৰু তিনিচুকীয়া আদি বহু অঞ্চলৰ যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ খবৰ আমাৰ হাতত আহিছে,” ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি বেয়াৰ ফাললৈ ঢাল খোৱাৰ অভিযোগেৰে এই দাবী হাজৰিকাৰ।

খিলঞ্জীয়াৰ সমস্যাসমূহ সমাধান কৰিব বুলি জনসাধাৰণক দেখুওৱা সপোনৰ বিপৰীতে যোৱা আঢ়ৈ বছৰে বিজেপি চৰকাৰখনে গ্ৰহণ কৰা স্থিতিকে ইয়াৰ বাবে মূলতঃ জগৰীয়া কৰিছে হাজৰিকাই।

“নৱ প্ৰজন্মৰ বাবে এইখন চৰকাৰে আশাৰ কিৰণ হৈ আহিছিল– যি খিলঞ্জীয়াৰ অস্তিত্বৰ সমস্যা সম্পূৰ্ণভাৱে সমাধান কৰিব। কিন্তু যোৱা ২৯ মাহত নেতাসকলে বিপৰীত স্থিতি লোৱাৰ কাৰণে সকলো অসমবাসী বিশেষকৈ নৱ প্ৰজন্ম হতাশ হৈছে,” মন্তব্য হাজৰিকাৰ।

শান্তি আলোচনাক লৈ বিভক্ত বিদ্ৰোহী সংগঠনটোৰ সক্ৰিয়তা যোৱা কেইবা দশকজুৰি হ্ৰাস পাইছিল। কিন্তু শেহতীয়াকৈ বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কৰ ৰাজ্যজোৰা উত্তাল প্ৰতিবাদৰ মাজত পুনৰ বহু অসমীয়া ডেকা আলফা (স্বাঃ)মুখী হোৱা বুলি হাজৰিকাৰ পূৰ্বেও বিভিন্ন মহলে দাবী কৰি আহিছে।

২৫-৩০ বছৰৰ পিছত এই ঘটনাৰ “পুনৰাবৃত্তি ঘটা দেখা গৈছে” বুলিও মন্তব্য কৰি হাজৰিকাই কয় যে বিগত সময়তো চৰকাৰৰ কাৰুকাৰ্য্যত অসন্তুষ্ট হৈ যুৱচামে আলফাত যোগদান কৰিছিল।

শাসনাধিষ্ঠ বিজেপিৰ লগতে কংগ্ৰেছ, অগপকে ধৰি কোনো ৰাজনৈতিক দলেই খিলঞ্জীয়াৰ লগত নাই বুলি দাবী কৰি তেওঁ কয়, “নেতাৰ প্ৰৱঞ্চনা আৰু বিফলতাৰ কাৰণে নৱ প্ৰজন্মই গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত বিশ্বাস হেৰুৱাইছে। বৰ্তমান কোনো নেতা খিলঞ্জীয়াৰ পক্ষত নাই, কোনোবা যদি মুছলিম প্ৰব্ৰজনকাৰীৰ পক্ষত, আন কোনো আকৌ হিন্দু প্ৰব্ৰজনকাৰীৰ পক্ষত।”

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd