বৰপেটাৰ জেহাদী পুত্ৰৰ সৈতে পিতৃৰ ২০১৪ ৰ পৰা নাই কোনো ধৰণৰ সম্পৰ্ক

জেহাদী আৰিফুল ইছলামৰ আলোকচিত্ৰ

জামাত-উল-মুজাহীদিনৰ সক্ৰিয় উগ্ৰপন্থী আৰিফুল ইছলাম আলীয়াছ আৰিফ আটক হোৱাৰ পিছত পুত্ৰ দোষী সাব্যস্ত হ’লে আইনী প্ৰক্ৰিয়াৰে যিকোনো শাস্তি দিয়াৰ বাবে আহ্বান জনাইছে পিতৃয়ে।

কলিকতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে ২০১৮ চনত বুদ্ধ গয়াত সংঘটিত বোমা বিস্ফোৰণত জড়িত থকাৰ সন্দেহত জামাত-উল-মুজাহীদিনৰ উগ্ৰপন্থীজনক আটক কৰে।

আৰিফুলৰ দেউতাক আলিম উদ্দিনে ৰবিবাৰে সাংবাদিকৰ আগত কয় যে বৰপেটা জিলাৰ হাউলীৰ চিকাৰ ভিঠা মাদ্রাছাত পঢ়ি থকা আৰিফ তেওঁলোকৰ দ্বিতীয় সন্তান। সৰুকালত আৰিফে ট্ৰাক ড্ৰাইভাৰৰ লগত সহায়কাৰী হিচাপেও কাম কৰিছিল। ২০১৪ চনত ঘৰলৈ শেষবাৰৰ বাবে অহা আৰিফৰ জে এম বিৰ লগত কিবা সম্পৰ্ক আছে নে নাই সেই বিষয়ে দেউতাক জ্ঞাত নহয় বুলি উল্লেখ কৰি যদিহে পুত্ৰৰ উগ্ৰপন্থী দলৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰমাণ হয় তেনেহ’লে আইন অনুসৰি উচিত শাস্তি ঘোষণা কৰাৰ আহ্বান জনায়।

বৰপেটা জিলাৰ বজালী অঞ্চলৰ নিৱাসী আলিম উদ্দিনৰ আনজন পুত্ৰ ব্যৱসায়ী।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আৰিফুলে জে এম বিৰ সক্ৰিয় সদস্য জাহিদুল ইছলাম আলীয়াছ কৌছেৰ আৰু আব্দুল মাজিদৰ সংস্পৰ্শলৈ আহিছিল আৰু জে এম বিত যোগদানৰ বাবে প্ৰৰোচিত হৈছিল। আৰক্ষীয়ে সন্দেহ কৰা মতে  আৰিফুলে কলিকতাত থাকি কৌছেৰক কোৰ্টৰ পৰা জে’ললৈ নি থকা অৱস্থাত আৰক্ষীৰ পৰা উদ্ধাৰৰ পৰিকল্পনা প্ৰস্তুত কৰা কামত ব্যস্ত আছিল।

আনহাতে, কলিকতা আৰক্ষীৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে কলিকতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফোৰ্চে আৰিফুলক বৌদ্ধ গয়া বিস্ফোৰণত জড়িত থকাৰ সন্দেহত আটক কৰিছে। আৰক্ষীৰ হাতত ইতিমধ্যে অসমত আটক হোৱা আন আন জে এম বিৰ সদস্যৰ লগত আৰিফুলৰ সম্পৰ্ক থকাৰ যথেষ্ট প্ৰমাণ হাতত পৰিছে।