NORTHEAST NOW (Assamese)

বৰপেটা সত্ৰত ভকত আৰু আই সকলক ক’ভিড ভেকচিন প্ৰদান বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ

April 29, 2021 6:50 pm · পুলেন্দ্র দাস
Updated: April 29, 2021 6:51 pm
ফটো: নৰ্থইষ্ট নাও।

কৰ’না মহামাৰী সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ ভকত আৰু আইসকলক ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ অনুৰোধ মৰ্মে আজি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ তৎপৰতাত বৰপেটা সত্ৰৰ ভকত আৰু আই সকলক ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷

আজি সত্ৰৰ ৮৮ গৰাকী ভকত, আই মাতৃক ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷ একেদৰে শুকুৰবাৰেও সত্ৰৰ ভকত আৰু আইসকলক ক’ভিড ভেকচিন প্ৰদান কৰা হব ৷

মহামাৰী কৰ’নাৰ ভয়াৱহ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ ৰাজ্যবাসীক মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷

উল্লেখ্য যে, ক’ভিড প্ৰ’ট’কল মানি ইতিমধ্যে বৰপেটা সত্ৰ চৌহদত প্ৰবেশৰ ক্ষেত্ৰত ভকত বৈষ্ণৱসকলক মাস্ক পিন্ধাতো বাধ্যতামূলক কৰা হৈছে বুলি বুঢ়াসত্ৰীয়া গৰাকীয়ে উল্লেখ কৰে ৷

Related News