NORTHEAST NOW (Assamese)

ৰাজ্যৰ ভিতৰতে প্ৰথম : বৰপেটাৰ নাৰ্চাৰী শৈক্ষিক মণ্ডলৰ অত্যাধুনিক ৱেবচাইট মুকলি

August 8, 2020 6:38 am · পুলেন্দ্র দাস
Updated: August 8, 2020 6:40 am
ৱেবচাইট মুকলি অনুষ্ঠানত উপায়ুক্তকে ধৰি আন বিষয়াসকল। ফটো: নৰ্থইষ্ট নাও

ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ প্ৰতি এক আশাৰ বতৰা ৷ শুকুৰবাৰে বৰপেটা জিলাৰ নাৰ্চাৰী শৈক্ষিক মণ্ডলৰ অত্যাধুনিক ৱেব ছাইট এটি মুকলি কৰি ৰাজহুৱা শিক্ষাখণ্ডলৈ এই আশাৰ বতৰা কঢ়িয়াই আনে ৷

শিক্ষাখণ্ডত নতুন দিশৰ সংযোজন ঘটাই বৰপেটা নাৰ্চাৰী মণ্ডলৰ শৈক্ষিক “ৱেবচাইট”টো আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷

উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত “ৱেবচাইট” টো মুকলি কৰি উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত সাম্প্ৰতিক কালত অনলাইন ব্যৱস্থাৰ প্ৰাসঙ্গিকতা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত “ৱেবচাইট”ৰ গুৰুত্ব অপৰিসীম বুলি উল্লেখ কৰে।

বৰপেটা জিলা সমগ্ৰ শিক্ষাৰ ১১২২ নং নাৰ্চাৰী মণ্ডলৰ মাণ্ডলিক সমল সমন্বয়ক প্ৰসেনজিৎ শৰ্মাই ২৩৫ টকা ব্যয়ৰে সাজি উলিওৱা উচ্চমানৰ ৱেবচাইটটোত শিক্ষাৰ্থীৰ উপৰি শিক্ষকৰ বাবেও সুকীয়া শিক্ষণীয় গোট সংযোজিত কৰাৰ লগতে দীক্ষা,পাঠশালা আদি অনলাইন শিক্ষাৰ এপ সমূহ সন্নিবিষ্ট কৰা হৈছে।

উল্লেখ্য যে, বৰপেটাত মুকলি কৰা ৱেবচাইটটো শৈক্ষিক মণ্ডল ভিত্তিক সমগ্ৰ ৰাজ্যৰ ভিতৰত  প্ৰথম।

www.nurserycrc.in শীৰ্ষক ৱেবচাইটটোত অসম সৰ্বশিক্ষা মিছন, মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয় আদি বিভাগৰ ৱেব লিংক সমূহো সংযোজিত কৰা হৈছে।

Related News