NORTHEAST NOW (Assamese)

বৰপেটা আৰক্ষীৰ সফলতা : জালনোট সহ আটক দুই জালনোট ব্যৱসায়ী

September 7, 2019 12:41 pm · পুলেন্দ্র দাস
ফটো : নৰ্থইষ্ট নাও

চোৰাং কাৰবাৰ তথা অবৈধ কাম কাজৰ ওপৰত দৃষ্টি ৰাখি বৰপেটা আৰক্ষীয়ে লাভ কৰিছে আন এক সফলতা৷

বৰপেটা আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া এক গোপন সুত্ৰৰ আধাৰত অভিযান চলাই গৰেমাৰী বজাৰত জালনোট সহ দুই জালনোট ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷

বৰপেটাৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক অমৃত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে গৰেমাৰী বজাৰত অভিযান চলাই ১,৯৭,৫০০টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ দলটোৱে জালনোট ব্যৱসায়ী চক্ৰটোৰ দুজন ক্ৰমে বাঘবৰৰ দীঘিৰপাম গাঁওৰ ৰকিবুল হুছেইন আৰু বাঘবৰৰ ১নং বৰদলনি গাঁওৰ জোনাব আলীক গ্ৰেপ্তাৰ কৰে ৷

ধৃত দুই জালনোট ব্যৱসায়ীয়ে জালনোট বোৰ এএছ ০১ এ ইউ ৮২৯৫ নম্বৰৰ মটৰ চাইকেলৰ চীটৰ তলত লুকুৱাই গৰেমাৰী বজাৰত সলনি কৰাৰ উদ্দেশ্যে আহোতে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে আটক কৰা জালনোট ব্যৱসায়ী দুজনৰ পৰা ব্যৱসায়ী চক্ৰটোৰ বিতং তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Related News