বৰপেটাত ভাষাতত্ত্ববিদ-সাহিত্যাচাৰ্য বিশ্বেশ্বৰ হাজৰিকাক সম্বৰ্ধনা

b1dc9a9a-6949-4931-ae42-126c4cf19e81

বিশিষ্ট ভাষাতত্ত্ববিদ-সাহিত্যাচাৰ্য বিশ্বেশ্বৰ হাজৰিকাক আজি বৰপেটাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে সম্বৰ্ধনা জনোৱা হয়৷ বৰপেটা সাহিত্য সভাৰ উদ্যোগত আজি আয়োজন কৰা অভিনন্দন অনুষ্ঠানত বৰ্ষীয়ান ভাষাতত্ববিদগৰাকীক সম্বৰ্ধনা জনায় ৷

বৰপেটা সাহিত্য সভাৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানতে ড০ ৰাতুল পাঠকে সম্পাদনা কৰা অভিনন্দন গ্ৰন্থ ‘ভাষাতত্ত্ববিদ-বিশ্বেশ্বৰ হাজৰিকা’ নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়।

‘ভাষাতত্ত্ববিদ-বিশ্বেশ্বৰ হাজৰিকা’ নামৰ গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মুকুল চক্ৰৱৰ্তীয়ে ৷

বিশ্বেশ্বৰ হাজৰিকাই সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবেই বৰপেটা সাহিত্য সভাই জিলাখনৰ বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ভাষাতত্ববিদগৰাকীক সম্বৰ্ধনা জনোৱা হয়।